

ৰুদ্ৰপ্ৰয়াগ, ২২ মাৰ্চ (হি.স.)। শেহতীয়াকৈ বিশ্ববিখ্যাত জ্যোতিৰ্লিংগ কেদাৰনাথ মন্দিৰত হোৱা প্ৰচণ্ড তুষাৰপাতৰ পিছত সমগ্ৰ কেদাৰনাথ উপত্যকাটো বৰফৰ ডাঠ চাদৰেৰে আবৃত হোৱাৰ ফলত মন্দিৰটোৰ আশে পাশে এক মনোৰম দৃশ্যৰ সৃষ্টি হৈছে। শূন্যৰ তলৰ উষ্ণতা থকাৰ পাছতো উত্তৰাখণ্ড আৰক্ষী আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি)ৰ জোৱান নিৰন্তৰ নিৰাপত্তা বজাই ৰখাৰ বাবে নিয়োজিত হৈ আছে।
তুষাৰপাতৰ মাজতো নিৰাপত্তা সংস্থাসমূহে নিয়মীয়াকৈ টহল দি আছে, মন্দিৰ কমপ্লেক্সৰ অভেদ্য নিৰাপত্তা নিশ্চিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো জোৱানসকলে উচ্চ সতৰ্কতাৰে নিজৰ কৰ্তব্য পালন কৰি আছে। তদুপৰি তেওঁলোকে নিজৰ বেৰেক আৰু আশে-পাশে থকা অঞ্চলৰ পৰা বৰফ পৰিষ্কাৰ কৰি আছে, কঠোৰ বতৰতো কাম-কাজ মসৃণভাৱে চলি থকাটো নিশ্চিত কৰিছে।
কেদাৰনাথ মন্দিৰত নিয়োজিত এই যুটীয়া নিৰাপত্তা বাহিনী কেৱল আইন-শৃংখলাৰ সৈতে নহয় বতৰৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সৈতেও মোকাবিলা কৰিবলৈ অহৰহ সাজু হৈ থাকে। সৈনিকসকলৰ উচ্চ মনোবলে বন্ধুত্ব, সেৱা আৰু নিৰাপত্তাৰ মূলমন্ত্ৰৰ উদাহৰণ দাঙি ধৰিছে। প্ৰচণ্ড বৰফৰ এই সময়ছোৱাতো নিৰাপত্তা সংস্থাসমূহে সম্পূৰ্ণ সতৰ্ক অৱস্থাত থাকে, প্ৰতিটো কাৰ্যকলাপ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰে। প্ৰশাসনৰ মতে, যিকোনো সম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিৰাপত্তা বাহিনী সষ্টম হৈ আছে, আৰু ধাম অঞ্চলৰ কাৰ্যকলাপ নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া