
কোকৰাঝাৰ, ২২ মাৰ্চ (হি.স.)। আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত পি. উদয় প্ৰবীনে কোকৰাঝাৰ জিলাৰ SVEEP মাস্কট “দৈমালু” আৰু “শিখিৰি” উদ্বোধন কৰাৰ লগতে এছ ভি ই ই পি সজাগতামূলক বাহন এখন ফ্লেগ অফ কৰে। ভোটৰ হাৰ বৃদ্ধিৰ বাবে “আগতীয়াকৈ ভোট দিয়ক, নিশ্চিতভাৱে ভোট দিয়ক” শীৰ্ষক এছ ভি ই ই পি সজাগতামূলক বাহনখন জিলাৰ পাঁচোটা বিধানসভা সমষ্টিৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰিব। বডোলেণ্ড বিশ্ববিদ্যালয়ত জিলা নিৰ্বাচন বিষয়াৰ মাষ্টাৰ প্ৰশিক্ষক, জ’নেল বিষয়া, খণ্ড বিষয়া আৰু প্ৰিজাইডিং বিষয়াৰ সৈতে এক আলোচনাৰ পিছত অনুষ্ঠিত হয় এই ফ্লেগঅফ অনুষ্ঠান। এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ নিৰ্বাচনী বিষয়া কেশবানন্দ টাইদ, ৰিটাৰ্নিং বিষয়াসকল, সহকাৰী ৰিটাৰ্নিং বিষয়াকে ধৰি অন্যান্য সংশ্লিষ্ট বিষয়া উপস্থিত থাকে ।
লগতে বিশ্ব জল দিৱস উপলক্ষে এছ ভি ই ই পি ৰ পদক্ষেপ “জন ভাগীদাৰী, মতদাতা শক্তি”ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এছ ভি ই ই পি কাৰ্যসূচীৰ অধীনত মাস্কট উদ্বোধন, সজাগতা বাহনৰ ফ্লেগ অফ আৰু বিশ্ব জল দিৱস পালনৰ জৰিয়তে ভোটাৰসকলক জ্ঞাত আৰু সজাগ কৰাত গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীসমূহে সকলো যোগ্য ভোটাৰক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু গণতান্ত্ৰিক মূল্যবোধ শক্তিশালী কৰিবলৈ প্ৰেৰণা যোগাবো বুলি আশা কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ