
ইছলামাবাদ, ২২ মাৰ্চ (হি.স.)। পাকিস্তানৰ মুৰিদকেত ঈদৰ নামাজৰ অন্তত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ অধিনায়ক বিলাল আৰিফ চাৰাফীক গুলীয়াই হত্যা কৰা হয়। পাকিস্তানৰ অশান্ত পঞ্জাৱ প্ৰদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ অন্যতম নিৰাপদ আত্মগোপন স্থান বুলি বিবেচিত মাৰ্কাজ টাইবা চৌহদত সংঘটিত হয় এই ঘটনা।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ অন্যতম শীৰ্ষ অধিনায়ক বিলাল আৰিফ চাৰাফীক মুৰিদকেত ঈদৰ নামাজৰ পিছত একাধিক গুলীচালনা কৰাৰ লগতে ছুৰীৰে আঘাত কৰা হয়। লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় বুলি গণ্য কৰা মাৰ্কাজ তাইবা চৌহদৰ ভিতৰতে তেওঁক হত্যা কৰা হৈছিল। শুকুৰবাৰে ঈদৰ নামাজৰ পিছত সংঘটিত হয় এই ঘটনা। ওচৰৰ পৰা গুলীচালনা কৰি বহুবাৰ ছুৰীৰে আঘাত কৰা হয়, যাৰ ফলত তেওঁৰ মৃত্যু হয়।
২০২৫ চনৰ মে’ মাহত অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ধ্বংস কৰা লস্কৰ-ই-তৈবাৰ একেটা মুখ্য কাৰ্যালয় মাৰ্কাজ টাইবা।আক্ৰমণৰ পিছৰ মাহকেইটাত ১.০৯ একৰ জুৰি থকা এই কমপ্লেক্সটো পুনৰ নিৰ্মাণ কৰা হৈছিল।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত প্ৰত্যক্ষদৰ্শীয়ে কয় যে এই হত্যাকাণ্ড পূৰ্ব পৰিকল্পিত আৰু অতি পেছাদাৰী পদ্ধতিৰে সংঘটিত কৰা হৈছে। তেওঁলোকে দাবী কৰে যে আক্ৰমণকাৰী দুজনৰ ভিতৰত এজন বন্দুকধাৰীয়ে ছাৰাফীক গুলীয়াই হত্যা কৰাৰ বিপৰীতে আনজনে তেওঁক একাধিকবাৰ ছুৰীৰে আঘাত কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
এটা চোৰাংচোৱা সূত্ৰই জনোৱা মতে, ঈদৰ নামাজ পঢ়া শেষ কৰাৰ ঠিক পিছতেই লস্কৰ-ই-তৈবা মুখ্য কাৰ্যালয় কমপ্লেক্সৰ ভিতৰত তেওঁক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আক্ৰমণকাৰীসকলে ছাৰাফীৰ কাৰ্যকলাপৰ বিষয়ে ভালদৰেই জানিছিল আৰু লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশৰ সুবিধা লাভ কৰিছিল।
বৰ্তমান সময়ত আক্ৰমণকাৰীৰ কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। প্ৰাথমিক খবৰ অনুসৰি ছাৰাফীক আক্ৰমণ কৰাসকল হয়তো তেওঁৰ নিজৰ সন্ত্ৰাসবাদী গোটৰ আছিল। ব্যক্তিগত শত্ৰুতাও চাৰাফীৰ হত্যাকাণ্ডৰ কাৰক হ’ব পাৰে বুলিও দাবী কৰা হৈছে।
২০০৫ চনৰ পৰা বিলাল ছাৰাফীয়ে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। তেওঁ সংগঠনটোৰ বাবে নিযুক্তি আৰু ধন সংগ্ৰহৰ কাম চম্ভালিছিল বুলি অভিযোগ উঠিছে। তদন্তকাৰী বিষয়াসকলে দাবী কৰিছে যে ছাৰাফীয়ে নিয়মিতভাৱে লস্কৰ-ই-তৈবাত নিযুক্তিৰ বাবে যুৱকক চিনাক্ত কৰি আহিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া