
কাঠমাণ্ডু, ২২ মাৰ্চ (হি.স.)। নেপালৰ নৱনিৰ্বাচিত সাংসদসকলৰ ভিতৰত সৰ্বাধিক জ্যেষ্ঠ অৰ্জুন নৰসিং কে চিক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছে। আজি ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে কেচিক এই পদত নিযুক্তি দিয়ে।
ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অৰ্জুন নৰসিং কেচিৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ ২৫ মাৰ্চত হ’ব। জ্যেষ্ঠ সদস্য হিচাপে কেচিয়ে ৰাষ্ট্ৰপতিৰ সন্মুখত শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ তথ্য অনুসৰি তেওঁৰ শপত গ্ৰহণৰ সময় দিনৰ ১১ বজাত নিৰ্ধাৰণ কৰা হৈছে।
নেপালী কংগ্ৰেছৰ সাংসদ অৰ্জুন নৰসিং কে চিৰ বয়স ৭৮ বছৰ আৰু বৰ্তমানৰ প্ৰতিনিধি সদনৰ আটাইতকৈ জ্যেষ্ঠ সদস্য। সমানুপাতিক ব্যৱস্থাৰ অধীনত নেপালী কংগ্ৰেছৰ পৰা তেওঁ সাংসদ হৈছিল।
শপত গ্ৰহণ কৰাৰ পিছত কেচিয়ে প্ৰতিনিধি সদনৰ অন্যান্য সাংসদসকলক শপত গ্ৰহণ কৰোৱাব।
हिन्दुस्थान समाचार / অৰৱিন্দ