
- বিমষ্টেক দেশৰ প্ৰতিনিধিলৈ আমন্ত্ৰণ
কাঠমাণ্ডু, ২২ মাৰ্চ (হি.স.)। নেপালত নতুন চৰকাৰৰ শপত গ্ৰহণ চৈত্ৰ নৱৰাত্ৰিৰ ৰাম নৱমীৰ দিনা অনুষ্ঠিত হোৱাৰ কথা। ২৭ মাৰ্চত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বলেন্দ্ৰ শ্বাহে । শপতগ্ৰহণৰ বাবে বিমষ্টেকৰ সদস্য দেশসমূহক আমন্ত্ৰণ জনোৱা হৈছে।
সংসদ সচিবালয়ৰ তথ্য অনুসৰি অহা ২৭ মাৰ্চত বলেন্দ্ৰ শ্বাহে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কিন্তু মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ সন্দৰ্ভত সবিশেষ এতিয়াও ৰাজহুৱা হোৱা নাই । জানিব পৰা মতে, জ্যোতিষৰ পৰামৰ্শৰ ভিত্তিত ৰাম নৱমীৰ দিনা বলেন্দ্ৰ শ্বাহে শপত গ্ৰহণ কৰিব।
আৰ এছ পিৰ সাধাৰণ সম্পাদক কবিন্দৰ বুৰলাকোটিয়েও নিশ্চিত কৰে যে ৰাম নৱমীৰ দিনা আনুষ্ঠানিকভাৱে বলেন্দ্ৰ শ্বাহ প্ৰধানমন্ত্ৰী হ’ব। তেওঁ কয় যে শপতগ্ৰহণৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক ক’অপাৰেশ্যন (বিমষ্টেক) দেশৰ প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হৈছে।
পাৰ্টিৰ সাধাৰণ সম্পাদক বুৰ্লাকোটিয়ে কয় যে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ভাৰত, ভূটান, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, আৰু থাইলেণ্ড চৰকাৰলৈ আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে। দলৰ নেতাসকলৰ মতে, বালেন সংসদীয় দলৰ বৈঠকত আনুষ্ঠানিকভাৱে নেতা নিৰ্বাচিত হ’ব, যিটো প্ৰধানমন্ত্ৰী পদলৈ উন্নীতকৰণৰ বাবে এক প্ৰয়োজনীয় পদক্ষেপ।
বালেন্দ্ৰ শ্বাহক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পূৰ্বে দলীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ চূড়ান্ত কৰাৰ বাবে ২৬ মাৰ্চৰ পুৱা সচিবালয় আৰু কেন্দ্ৰীয় সমিতিৰ বৈঠক অনুষ্ঠিত হয় ।
সচিবালয়ৰ বৈঠকত বলেন্দ্ৰ শ্বাহক সংসদীয় দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰা হ’ব। ইয়াৰ পিছত এই প্ৰস্তাৱ কেন্দ্ৰীয় সমিতিৰ বৈঠকত অনুমোদন জনোৱা হ’ব । অনুমোদন পোৱাৰ লগে লগে বালেন্দ্ৰই সংসদীয় দলৰ নেতাৰ পদ গ্ৰহণ কৰিব।
দলৰ নেতা গণেশ পাৰাজুলিয়ে কয় যে, দলীয়ে ২৬ মাৰ্চৰ বিয়লি ২ বজাত এখন বৈঠকত বলেন্দ্ৰ শ্বাহক সংসদীয় দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। এই সিদ্ধান্তসমূহ সাংসদসকলে শপত গ্ৰহণ কৰাৰ পূৰ্বে পুৱাৰ বৈঠকত লোৱা হ'ব, আৰু শপত গ্ৰহণ অনুষ্ঠানৰ পিছত অন্যান্য পদ্ধতিসমূহ আগবাঢ়িব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া