
নলবাৰী, ২২ মাৰ্চ (হি.স.)। নলবাৰীৰ গংগাপুৰ মহবিয়েনীত ভয়ংকৰ কাণ্ড সংঘটিত । শিশু অপহৰণৰ ব্যৰ্থ চেষ্টা । ৰাইজে অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে দুই অপহৃত কন্যা শিশুক । ৰাইজে কৰায়ত্ব কৰি মুকালমুৱা আৰক্ষীক গতালে এজন অপহৰণকাৰীক । পলাই যাবলৈ সক্ষম হয় দুগৰাকী অপহৰণ কাৰী ।
তিনি গৰাকী অপহৰণ কাৰীয়ে এএছ-০১-কিউচি-৬৪৪৪ নম্বৰৰ এল্টো বাহনত আনিছিল দুই কন্যা শিশুক ।আৰক্ষীৰ তদন্ত অব্যাহত। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অপহৰণকাৰী জনক জেৰা অব্যাহত ৰাখিছে।পলাতক দুজন অপহৰণকাৰীৰ সন্ধানত আৰক্ষীৰ জোৰদাৰ তদন্ত অব্যাহত আছে ।উদ্ধাৰ হোৱা দুই কন্য়া শিশুক নিজ নিজ পৰিয়ালক হস্তান্তৰ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা