বিপিএফৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান
বাক্সা, ২২ মাৰ্চ (হি.স.)। কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । কাইলৈ বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু ৪১ নং মানস বিধানসভা সমষ্টিৰ বিপিএ
বিপিএফৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান


বাক্সা, ২২ মাৰ্চ (হি.স.)। কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন । কাইলৈ বাক্সা জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু ৪১ নং মানস বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে । দুয়োগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত ৰাইজক মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় বাক্সা জিলা বিজেপিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই ।

মুছলপুৰত বাক্সা জিলা বিজেপি আৰু মুছলপুৰ জিলা বিপিএফৰ আজি এক যুটীয়া সংবাদমেল অনুষ্ঠিত হয় । এনডিএ ৰ প্ৰাৰ্থীৰ প্ৰতি ৰাইজক ভোটদানৰ আহ্বান জিলা বিজেপিৰ সভাপতি গৰাকীৰ ।লগতে এনডিএ ৰ দুয়ো গৰাকী প্ৰাৰ্থী নিশ্চিতভাৱে বিজয়ৰ দিশে অগ্ৰসৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে । এন ডি এ মিত্ৰজোঁটৰ দুয়ো গৰাকী প্ৰাৰ্থী ক্ৰমে মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰীয়েও মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত সকলো জাতি-জনগোষ্ঠীৰ লোকৰে দলে-বলে অংশগ্ৰহণ কামনা কৰে ।

কাইলৈ মনোনয়ন পত্ৰ দাখিল কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত থাকিব বুলিও জানিবলৈ দিয়ে প্ৰাৰ্থী দুগৰাকীয়ে । ইফালে বিধানসভা নিৰ্বাচনত ইউপিপিএল দল ধূলিস্যাৎ হ'ব বুলি মন্তব্য কৰি মনেশ্বৰ ব্ৰহ্মই তামুলপুৰ বিধানসভা সমষ্টিত প্ৰমোদ বড়ো লক্ষাধিক ভোটৰ ব্যৱধানত বিশ্বজিৎ দৈমাৰীৰ ওচৰত পৰাস্ত হ'ব বুলি উল্লেখ কৰি বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্ম ফেক্টৰ নহয় বুলি মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande