দেশৰ আটাইতকৈ দীৰ্ঘদিনীয়া চৰকাৰৰ মুৰব্বী হৈ পৰিল প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙক অতিক্ৰম কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া চৰকাৰৰ মুৰব্বী হিচাপে পৰিগণিত হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ আই টি বিভাগৰ মুৰব্বী অমিত মালভিয়াই ছ’চিয
पंतप्रधान नरेंद्र मोदी


নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙক অতিক্ৰম কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বাধিক দীৰ্ঘদিনীয়া চৰকাৰৰ মুৰব্বী হিচাপে পৰিগণিত হৈছে।

ভাৰতীয় জনতা পাৰ্টিৰ আই টি বিভাগৰ মুৰব্বী অমিত মালভিয়াই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি পৱন কুমাৰ চামলিঙে ৮,৯৩০ দিন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বুলি উল্লেখ কৰে। ইফালে নৰেন্দ্ৰ মোদীয়ে এতিয়া মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে মুঠ ৮,৯৩১ দিন সম্পূৰ্ণ কৰিছে।

তেওঁ কয় যে এই কৃতিত্বই দশক দশক ধৰি চলি অহা জনসেৱা আৰু নেতৃত্বৰ প্ৰতিফলন ঘটায়।

তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নামত বহু বিশিষ্ট কৃতিত্ব আছে। গুজৰাটৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তেওঁ। তদুপৰি তেওঁ মুখ্যমন্ত্ৰী হিচাপে আটাইতকৈ দীৰ্ঘদিনীয়া অভিজ্ঞতা থকা প্ৰধানমন্ত্ৰী।

অমিত মালবিয়াই কয় যে স্বাধীনতাৰ পিছত জন্ম হোৱা প্ৰথমজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ উপৰিও ২০১৪, ২০১৯ আৰু ২০২৪ চনত একেৰাহে তিনিবাৰকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande