বিহপুৰীয়াত ধাৰাবাহিক ভাৱে অব্যাহত আছে দল ত্যাগৰ ধাৰা
লখিমপুৰ, ২২ মাৰ্চ (হি.স.)। বিহপুৰীয়াত ধাৰাবাহিক ভাৱে অব্যাহত আছে দল ত্যাগৰ ধাৰা।বিহপুৰীয়া সমষ্টিত সামূহিক ভাৱে দল ত্যাগ কৰিলে অসম জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াৰ নেতৃত্বত এই সমূহীয়া দলত্যাগ বিধানসভা নিৰ্
বিহপুৰীয়াত ধাৰাবাহিক ভাৱে অব্যাহত আছে দল ত্যাগৰ ধাৰা


লখিমপুৰ, ২২ মাৰ্চ (হি.স.)। বিহপুৰীয়াত ধাৰাবাহিক ভাৱে অব্যাহত আছে দল ত্যাগৰ ধাৰা।বিহপুৰীয়া সমষ্টিত সামূহিক ভাৱে দল ত্যাগ কৰিলে অসম জাতীয় পৰিষদৰ নেতা কৰ্মীয়ে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অচ্যুৎ শইকীয়াৰ নেতৃত্বত এই সমূহীয়া দলত্যাগ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত এই বৃহৎ খহনীয়াই বিৰোধী মিত্ৰজোঁটত নিশ্চিতভাৱে প্ৰভাৱ পেলাব সেয়া এক প্ৰকাৰ নিশ্চিত।

আজি সংবাদ মেল জৰিয়তে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে নেতৃবৃন্দই।সভাপতি লুৰিনজ্যোতি গগৈলৈ আনুষ্ঠানিক ভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বুলি সংবাদ মাধ্যমক অৱগত কৰে।কেৱল ক্ষমতাৰ স্বাৰ্থত টিকতৰ স্বাৰ্থত দলটোক বন্ধকত ৰখাৰ অভিযোগ প্ৰকৃত জাতীয়তাবাদ পাহৰি কেৱল ধনী মানুহ চাই টিকট দিয়াত লাগিছে সভাপতি লুৰিনজ্যোতি গগৈ। অচিৰেই পৰৱৰ্তী সিদ্ধান্ত আনুষ্ঠানিকভাৱে অৱগত কৰিব বুলি সংবাদ মাধ্যমক জনায়। এই দলত্যাগৰ পিছতে বিহপুৰীয়াৰ বিৰোধী মিত্ৰজোঁটৰ বাবে সৃষ্টি হৈছে চৰম প্ৰত্যাহ্বান

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande