সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব কলিয়াবৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই
নগাঁও, ২২ মাৰ্চ (হি.স.)। সোমবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব কলিয়াবৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কলিয়াবৰৰ কুঁৱৰীটোলত পুৱা ৯ বজাত অনুষ্ঠিত হ''বলগা এক জনসভাত কেশৱ মহন্তৰ লগত উপস্থ
সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব কলিয়াবৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই


নগাঁও, ২২ মাৰ্চ (হি.স.)। সোমবাৰে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব কলিয়াবৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কলিয়াবৰৰ কুঁৱৰীটোলত পুৱা ৯ বজাত অনুষ্ঠিত হ'বলগা এক জনসভাত কেশৱ মহন্তৰ লগত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মনোনয়ন পত্ৰ দাখিলৰ আগদিনা কলিয়াবৰৰ বিভিন্ন স্থানত অগপৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেশৱ মহন্তই।

ইফালে, ডিমৰীয়া সমষ্টিত ড° তপন দাসেই প্ৰাৰ্থী হ'ব বুলি কয় অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। ড° তপন দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো প্ৰমাণ নাই বুলি দাবী কৰে কেশৱ মহন্তই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande