লণ্ডনলৈ যাবলৈ চাৰ্টাৰ্ড বিমান অনুৰোধ কৰা বুলি প্ৰকাশ পোৱা বাতৰিৰ প্ৰতি বিৰাট কোহলিৰ মনোৰম উত্তৰ
নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিজৰ দল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ পৰা কিছুমান বিশেষাধিকাৰ বিচাৰিছিল বুলি দাবী কৰা বুলি প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়
कोहली


নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ আৰম্ভ হোৱাৰ পূৰ্বে তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিজৰ দল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ পৰা কিছুমান বিশেষাধিকাৰ বিচাৰিছিল বুলি দাবী কৰা বুলি প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোহলীয়ে ইনষ্টাগ্ৰামত এটা বাতৰি শ্বেয়াৰ কৰি উৰাবাতৰি খণ্ডন কৰে।

এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে কোহলীয়ে মিড ছিজনত লণ্ডন (ইউ কে)লৈ যাবলৈ ফ্ৰেঞ্চাইজিৰ পৰা চাৰ্টাৰ্ড বিমান বিচাৰিছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে কোহলীয়ে ফ্ৰেঞ্চাইজিক কৈছিল যে যদি মেচৰ মাজত তিনিদিনীয়া ব্যৱধান থাকে তেন্তে তেওঁ লণ্ডনলৈ যাত্ৰা কৰি মেচৰ পূৰ্বে উভতি আহিব ।

এই খবৰৰ প্ৰতি কোহলীয়ে নিজেই প্ৰত্যুত্তৰ দিছিল। তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই প্ৰতিবেদন শ্বেয়াৰ কৰি দুটা হাঁহিৰ ইমোজি যোগ কৰি স্পষ্ট কৰি দিয়ে যে তেওঁ এই দাবীক গুৰুত্বসহকাৰে লোৱা নাই । তেওঁৰ এই সঁহাৰি ক্ষন্তেকতে ভাইৰেল হৈ অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে।

আই পি এল ২০২৬ৰ বাবে আৰ চি বি দলত যোগদান কৰি বৰ্তমান প্ৰস্তুতি চলাই আছে কোহলীয়ে। অহা ২৮ মাৰ্চত বেংগালুৰুত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব দলটোৱে।

যোৱা ছিজনত আই পি এলৰ প্ৰথম খিতাপ দখল কৰিছিল আৰ চি বিয়ে। তাত কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এইবাৰ দলটোৱে খিতাপ ৰক্ষাৰ লক্ষ্য ল’ব, আৰু কোহলীৰ ভূমিকা পুনৰবাৰ গুৰুত্বপূৰ্ণ হ’ব।

যোৱা ছিজনত কোহলীৰ প্ৰদৰ্শন অসাধাৰণ আছিল। ১৫ ইনিংছত গড়ে ৫৪.৭৫ আৰু ১৪৪.৭১ ষ্ট্ৰাইক ৰেটত ৬৫৭ ৰান সংগ্ৰহ কৰে, য’ত ৮টা অৰ্ধশতকো আছিল । তেওঁ আৰ চি বিৰ আগশাৰীৰ ৰাণ সংগ্ৰহকাৰী আৰু সমগ্ৰ প্ৰতিযোগিতাখনৰ ভিতৰতে তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল।

কোহলীয়ে এই পৰ্যন্ত আই পি এলৰ ২৬৭খন খেলত ৮৬৬১ ৰান সংগ্ৰহ কৰি ৮টা শতক আৰু ৬৩টা অৰ্ধশতক অৰ্জন কৰিছে । প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ ভিতৰত অন্যতম আৰু এই ছিজনত ৯ হাজাৰ ৰানৰ সীমাত উপনীত হোৱা প্ৰথমজন খেলুৱৈ হোৱাৰ লক্ষ্য ৰাখিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande