
বাক্সা, ২২ মাৰ্চ (হি.স.)। ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী পৱিত্ৰ কুমাৰ বড়োৰ দলীয় কাৰ্যকৰ্তাক সাক্ষাৎ । গোৰেশ্বৰত প্ৰাৰ্থিত্ব লাভৰ পিছত দলীয় কৰ্মকৰ্তাক সাক্ষাৎ কৰে গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ তথা ইউপিপিএলৰ প্ৰাৰ্থী পৱিত্ৰ কুমাৰ বড়োৱে ।
দলীয় কৰ্মীক সাক্ষাৎ কৰাৰ অন্তত পৱিত্ৰ কুমাৰ বড়োৱে কয়- গোৰেশ্বৰ সমষ্টিত বিজেপিয়ে বাহিৰৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক প্ৰাৰ্থিত্ব দিয়াত সমষ্টিৰ ৰাইজ সন্তুষ্ট নহয় বুলি চৰ্চিত হৈছে। স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজে ইউপিপিএলৰ প্ৰাৰ্থী গৰাকীকে অৰ্থাৎ মোক ভোট দিব বুলি কথা দিছে।
গতিকে গোৰেশ্বৰত ইউপিপিএলৰ স্থিতি ভাল। মই এক নম্বৰত আছো। গোৰেশ্বৰত মোৰ জয় নিশ্চিত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা