
বৰপেটা, ২২ মাৰ্চ (হি.স.)। বিধানসভা নিৰ্বাচনৰ প্ৰাকঃক্ষণত ইতিমধ্যে নিৰ্বাচন আয়োগে জাৰি কৰিছে কেতবোৰ বিশেষ নীতি নিৰ্দেশনা। স্থানীয় প্ৰশাসনৰ সহযোগত ঠায়ে ঠায়ে ফ্লায়িং স্কোৱাডে চলাইছে নিছিদ্ৰ তালাচী।
সমান্তৰালভাবে শিঙিমাৰী-গুৱাহাটী ৰাজপথতো দদৰা আৰক্ষী থানাৰ সহযোগত এফ এছ টি আৰু এছ এছ টিৰ দলে বিভিন্ন বাহনত চলাইছে তালাচী। বিশেষকৈ নগদ ধন আৰু নিৰ্বাচনত ভোটাৰক প্ৰলোভিত কৰিব পৰাকৈ ব্যৱহাৰ কৰা বিলাতী সুৰাৰ বিৰুদ্ধে চলোৱা হৈছে এই অভিযান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ