ভাৰতীয় নিৰ্বাচন আয়োগৰ বিশেষ সিদ্ধান্ত: বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰত লাভ কৰিব বিশেষ সুবিধা
নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। ভোটাৰৰ সুখদায়ক আৰু মসৃণ অভিজ্ঞতা নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে নূন্যতম সুবিধা (এ এম এফ) আৰু ভোটাৰ সহায় সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মুঠ ২১৮,৮০৭টা ভোটকেন্দ্ৰত যাতে সকলো অত্যাৱশ্যকীয় সা-সুবিধা উপলব্ধ হয়
प्रतीकात्मक चित्र


নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। ভোটাৰৰ সুখদায়ক আৰু মসৃণ অভিজ্ঞতা নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগে নূন্যতম সুবিধা (এ এম এফ) আৰু ভোটাৰ সহায় সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। মুঠ ২১৮,৮০৭টা ভোটকেন্দ্ৰত যাতে সকলো অত্যাৱশ্যকীয় সা-সুবিধা উপলব্ধ হয় তাৰ বাবে নিৰ্বাচনলৈ যোৱা ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

আয়োগে ভোটগ্ৰহণ কেন্দ্ৰত আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত খোৱাপানী, ছাঁযুক্ত অপেক্ষাৰ স্থান, পানীৰ সুবিধা থকা শৌচাগাৰ, পৰ্যাপ্ত পোহৰ, বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে উপযুক্ত ঢাল থকা ৰেম্প, মানক ভোটদান বিভাগ আৰু উপযুক্ত চিন আদিৰ ব্যৱস্থা কৰা আদি।

ভোটগ্ৰহণ বিষয়াসকলকো শাৰীত নিয়মীয়াকৈ বেঞ্চ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ভোটাৰসকলে নিজৰ পাললৈ অপেক্ষা কৰি বহিব পাৰে।

ইয়াৰ উপৰিও ভোটাৰৰ সজাগতা বৃদ্ধিৰ বাবে সকলো ভোটকেন্দ্ৰতে চাৰিটা একেধৰণৰ আৰু মানক ভোটাৰ সুবিধা পোষ্টাৰ (ভিএফপি) বিশিষ্টভাৱে প্ৰদৰ্শিত কৰা হ’ব, য’ত ভোটগ্ৰহণ কেন্দ্ৰৰ সবিশেষ, প্ৰাৰ্থীৰ তালিকা, কৰিবলগীয়া আৰু নকৰাৰ তালিকা, বৈধ চিনাক্তকৰণ নথিপত্ৰৰ তালিকা, আৰু ভোটদান প্ৰক্ৰিয়াৰ তথ্য থাকিব।

এইবাৰ নির্বাচনত প্রযুক্তি আৰু সাহায্যৰ প্রতি বিশেষ গুৰুত্ব দিয়া হৈছে৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ সহায়ক বুথ (ভিএবি) স্থাপন কৰা হ’ব, য’ত বুথ স্তৰৰ বিষয়া (বিএলঅ’) আৰু কৰ্মচাৰী থাকিব যাতে ভোটাৰসকলক ভোটাৰ তালিকাত তেওঁলোকৰ ভোটগ্ৰহণ বুথ নম্বৰ আৰু ক্ৰমিক নম্বৰ বিচাৰি উলিওৱাত সহায় কৰিব। ভিএবিসমূহত বিশিষ্ট চিন থাকিব আৰু ভোটগ্ৰহণ চৌহদত প্ৰৱেশ কৰাৰ লগে লগে ভোটাৰসকলে সহজে দেখা পাব।

ভোটাৰৰ সুবিধাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা বহু পদক্ষেপৰ ভিতৰত এটা হ’ল ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ বাহিৰত ভোটাৰসকলৰ বাবে মোবাইল ফোন জমা সুবিধাৰ ব্যৱস্থা। ভোটাৰসকলে ষ্টেচনত প্ৰৱেশ কৰাৰ পূৰ্বে নিৰ্দিষ্ট স্বেচ্ছাসেৱকৰ হাতত নিজৰ ফোন (বন্ধ) গতাই দিব পাৰে আৰু ভোটদানৰ পিছত সংগ্ৰহ কৰিব পাৰে।

নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে এই সকলোবোৰ ব্যৱস্থা বাধ্যতামূলক আৰু কঠোৰভাৱে পালন কৰিব লাগিব। ভোটাৰসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ভোটগ্ৰহণৰ তাৰিখৰ পূৰ্বে এই ব্যৱস্থাসমূহ নিশ্চিত কৰিবলৈ সকলো ক্ষেত্ৰ বিষয়াক নিৰ্দেশ দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande