ব্যক্তি নিৰ্মাণৰ যোগেদি ৰাষ্ট্ৰ নিৰ্মাণ কৰাই সংঘৰ মহৎ উদ্দেশ্য–গুৱাহাটী আইআইটিত দত্তাত্ৰেয় হোছৱালে
–সকলো নাগৰিকে সাধ্য অনুসৰি দেশৰ বিকাশত অৱদান আগবঢ়াব লাগে গুৱাহাটী, ২২ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে আজি আইআইটি গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গুৱাহাটী মহানগৰৰ উদ্যোগত গুৱাহাটীৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানসমূহ
আইআইটি গুৱাহাটীত অনুষ্ঠিত যুৱ সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোছৱালে


আইআইটি গুৱাহাটীত অনুষ্ঠিত যুৱ সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোছৱালে


–সকলো নাগৰিকে সাধ্য অনুসৰি দেশৰ বিকাশত অৱদান আগবঢ়াব লাগে

গুৱাহাটী, ২২ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে আজি আইআইটি গুৱাহাটীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ গুৱাহাটী মহানগৰৰ উদ্যোগত গুৱাহাটীৰ ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানসমূহ তথা গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ এক যুৱ সন্মিলনৰ অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰ কাৰ্য্যবাহ ডা: ধীৰেন দাস পানিকাই আঁত ধৰা অনুষ্ঠানত তথা মাঁ ভাৰতীৰ প্ৰতিমাত পুষ্পাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোছৱালেই সংঘৰ শত বৰ্ষৰ পৰিক্ৰমা তথা আদৰ্শৰ ওপৰত বক্তৃতা প্ৰদান কৰে।

তেখেতে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জন্ম লগ্নৰে পৰা বিভাজিত হৈ থকা ভাৰতীয় সকলক সু সংগঠিত কৰাৰ প্ৰয়াস কৰি আহিছে। সংঘ কেৱল এটি সংগঠন নহয়, ই এটি আন্দোলন আৰু এটি চিন্তাধাৰা বুলি সৰকাৰ্যবাহ গৰাকীয়ে বক্তব্য প্ৰকাশ কৰে । সংঘই ব্যক্তি নিৰ্মাণৰ যোগেদি ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ উদ্দেশ্য আগত ৰাখি কাম কৰি আহিছে বুলি মত পোষণ কৰি তেখেতে পুনৰ কয় যে সকলো নাগৰিকে নিজৰ সাধ্য অনুসাৰে দেশৰ বিকাশত অৱদান আগবঢ়াব লাগে। হোছৱালে নিজৰ বক্তব্য কয় যে আমি সকলো সনাতনী তথা সনাতন হৈছে নিত্য নতুন চিৰ পুৰাতন। আমি সময়ৰ সৈতে আধুনিক হ'ব লাগিব, কিন্তু পাশ্চাত্যক অনুসৰণ কৰা মানেই আধুনিক নুবুজায় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেৱল দেশ আৰু সমাজ হিতৰ বাবে কাম কৰি আহিছে আৰু সকলোৰে মাজৰ ৰাষ্ট্ৰ ভক্তি জাগ্ৰত কৰাৰ প্ৰয়াস কৰি আহিছে। ৰাম মনোহৰ লোহিয়াৰ উদ্ধৃতিৰে তেখেতে কয় যে যিদৰে ভগৱান ৰামে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতক এক কৰাৰ চেষ্টা কৰিছিল ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই পূৱ ভাৰতৰ পৰা পশ্চিম ভাৰতক এক কৰাৰ চেষ্টা কৰিছিল। লগতে শিৱ তত্বই সমগ্ৰ ভাৰত বৰ্ষক এক কৰি আহিছে বুলি কয়।

নিজৰ বক্তব্যৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চলৰ উদাহৰণ দি কয় যে অসম আন্দোলনৰ সময়ৰ বিদেশী বিতৰণ বাবে সংঘই আন্দোলনত জঁপিয়াই পৰাৰ লগতে সক্ৰিয় ভূমিকা পালন কৰিছিল। এতিয়া সত্যৰ আধাৰত ভাৰতবৰ্ষৰ বিষয়ে আৰু ভাৰত বৰ্ষৰ পক্ষত থাকি নেৰেটিভ গঢ়াৰ সময় বুলি সৰকাৰ্যবাহ গৰাকীয়ে মন্তব্য কৰে ।

দত্তাত্ৰেয় হোছৱালেৰ বক্তব্যৰ পিছত প্ৰশ্ন উত্তৰ শিতান অনুষ্ঠিত হয়। এই যুৱ সমাৰোহত আইআইটি গুৱাহাটী, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় গুৱাহাটী, এইমছ গুৱাহাটী, আইআইআইটি গুৱাহাটী, নাইপাৰ গুৱাহাটী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীৰে তিনি শতাধিক যুৱ নেতৃত্বই অংশগ্ৰহণ কৰে। বন্দে মাতৰমেৰে অনুষ্ঠান সামৰণি পৰে।

উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডা০ উমেশ চক্ৰৱৰ্তী আৰু গুৱাহাটী মহানগৰ সংঘচালক গুৰু প্ৰসাদ মেধিও উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande