
ৱেলিংটন (নিউজিলেণ্ড), ২২ মাৰ্চ (হি.স.)। পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচত নিউজিলেণ্ড মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকা মহিলা দলটোক ৬ উইকেটত পৰাস্ত কৰে। এই জয়েৰে আয়োজক দলটোৱে শৃংখলাত ৩-১ ব্য়ৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। ২৫ মাৰ্চত ক্ৰাইষ্টচাৰ্চৰ হেগলী অ’ভেলত অনুষ্ঠিত হ’ব এই শৃংখলাৰ অন্তিমখন খেল।
দেওবাৰে ৱেলিংটনত অনুষ্ঠিত খেলখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ বাছি লোৱা দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ৬ উইকেটত ১৫৯ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ এন্নেৰী ডাৰ্কচেনে ৩২টা বলত অপৰাজিত ৫৫ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰে, য’ত ৮টা চাৰি আৰু এটা ছয়ো আছিল। ডাৰ্কচেনৰ উপৰিও অ’পেনাৰ ছুনে লুছেও ২৯টা বলত ৩০ ৰান সংগ্ৰহ কৰে, য’ত চাৰিটা চাৰিটাও আছিল। নাডিন ডি ক্লাৰ্কে ২০ ৰান, ক্ল’ ট্ৰায়নে ১৪ ৰান, কাইলা ৰেনেকে ১৩ ৰান আৰু অধিনায়ক ল’ৰা উলভাৰ্ডে ১০ ৰান সংগ্ৰহ কৰে।
নিউজিলেণ্ডৰ হৈ জেছ কেৰে ৪ অভাৰত ১৬ ৰানত তিনিটা উইকেট দখল কৰে। অধিনায়ক আমেলিয়া কেৰ আৰু ছফী ডেভিনে এটাকৈ উইকেট দখল কৰে।
ইফালে ১৬০ ৰানৰ লক্ষ্য খেদি খেদি নিউজিলেণ্ডৰ আৰম্ভণি বেয়া আছিল। উইকেটকীপাৰ-বেটছমেন ইছাবেলা গেজ ৬ ৰানত আউট হয়। ইয়াৰ পিছতে জৰ্জিয়া প্লাইমাৰ আৰু অধিনায়ক আমেলিয়া কেৰে ইনিংছটো স্থিৰ কৰে। জৰ্জিয়াই ৫টা চাৰিৰ সহায়ত ২২টা বলত ২৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক কেৰে ৪টা চাৰিৰ সহায়ত ২৯টা বলত ৩১ ৰান সংগ্ৰহ কৰে। এই দুটা উইকেটৰ পতনৰ পিছত অভিজ্ঞ ছফী ডেভিনে পুনৰবাৰ উজ্জ্বল বেটিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। চাৰিটা ছয় আৰু ৬টা চাৰিৰ সহায়ত ৩৪টা বলত ৬৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। ব্ৰুক হেলিডে ১৬ ৰান আৰু মেডী গ্ৰীনে ৯ ৰানত অপৰাজিত হৈ থাকে । ডিভাইনৰ ইনিংছে নিউজিলেণ্ডক ১৮.৩ অভাৰত লক্ষ্যত উপনীত হোৱাত সহায় কৰে।
দক্ষিণ আফ্ৰিকাৰ হৈ ক্ল’ ট্ৰায়নে দুটা উইকেট দখল কৰাৰ বিপৰীতে ডাৰ্কচেন আৰু এন ম্লাবাই এটাকৈ উইকেট দখল কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া