বিলাসীপাৰা এ আই ইউ ডি এফৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ফেৰাজুল হকে যোগদান কৰিলে কংগ্ৰেছত
ধুবুৰী, ২২ মাৰ্চ (হি.স.)। সমাগত বিধানসভা সমষ্টিৰ নিৰ্বাচন। নিৰ্বাচনৰ মাজত কেইটাদিন দিন বাকী থকাৰ সময়তেই বিলাসীপাৰাত এ আই ইউ ডি এফ দলৰ বৃহৎ মোক্ষম আঘাত। বিলাসীপাৰা এ আই ইউ ডি এফৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ফেৰাজুল হকে যোগদান কৰিলে কংগ্ৰেছত। ১০ নং
বিলাসীপাৰা এ আই ইউ ডি এফৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ফেৰাজুল হকে যোগদান কৰিলে কংগ্ৰেছত


ধুবুৰী, ২২ মাৰ্চ (হি.স.)। সমাগত বিধানসভা সমষ্টিৰ নিৰ্বাচন। নিৰ্বাচনৰ মাজত কেইটাদিন দিন বাকী থকাৰ সময়তেই বিলাসীপাৰাত এ আই ইউ ডি এফ দলৰ বৃহৎ মোক্ষম আঘাত। বিলাসীপাৰা এ আই ইউ ডি এফৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ফেৰাজুল হকে যোগদান কৰিলে কংগ্ৰেছত। ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অমৃত বাদশাৰ উপস্থিতত যোগদান কৰে নেতা গৰাকীয়ে।

ফেৰাজুল হক আছিল ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ আশাবাদী প্ৰাৰ্থী। এ আই ইউ ডি এফৰ দলীয় কৰ্ম কাণ্ডৰ ওপৰত ক্ষুব্ধ হৈ জিলা কাৰ্যকৰী সভাপতি ফেৰাজুল হকৰ লগতে বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ সভাপতি ছাদেক আলী,বিলাসীপাৰা জিলা ছাত্ৰ মৰ্চা সভাপতি আশ্ৰাফূল ৰহমান ,বিলাসীপাৰা ব্লক যুৱ মৰ্চাৰ সভাপতি সাহাদত আলী ,চাপৰ-শালকোচা ব্লক যুৱ মৰ্চা সভাপতি মহিবুল ইছলাম,বিলাসীপাৰা ব্লকৰ কাৰ্যকৰী সভাপতি সাহিনুৰ ইছলাম ,বিলাসীপাৰা ব্লক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক হানিফউদ্দিন সেখ আৰু বিলাসীপাৰা ব্লক যুৱ মৰ্চা প্ৰচাৰ সাধাৰণ সম্পাদক আবুল কালাম আজাদ বিলাসীপাৰা ব্লক যুৱ মৰ্চা মুল মুল এ আই ইউ ডি এফ ৰ সাংগঠনিক পথৰ দায়িত্ব থকা ব্যক্তি সকলো কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কৰিয়েই ১০ নং বিলাসীপাৰা সমষ্টিত এ আই ইউ ডি এফ ধ্বংস কৰাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী অমৃত বাদশাক বৃহৎ ভোটত জয়ী কৰাৰ সংকল্প লয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande