
হোজাই, ২২ মাৰ্চ (হি.স.)। সমাগত গণতন্ত্ৰৰ মহোৎসৱৰ , অসমত অনুষ্ঠিত হব লগা বিধানসভা নিৰ্বাচন। সমান্তৰালকৈ অসম আৰু অসমীয়াৰ পদূলিত হেপাঁহৰ ৰঙালী বিহু ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাপুটি সাহোন ৰঙালীক আদৰাৰ প্ৰস্তুূতি আৰম্ভ হৈছে ৷ সমান্তৰালকৈ বিহুক আদৰাৰ প্ৰাকক্ষনত লংকাৰ ২নং কাকী পাটমাদৈ বিহু সন্মিলনিৰ ব্যৱস্থাপনাত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে ৷
অভিগ্য় প্ৰশিক্ষকৰ দ্বাৰা সাতদিনীয়াকৈ অনুষ্ঠিত হৈ থকা কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰিছে ৷ বিহুটিক আদৰাৰ আৰম্ভণিতে কৰ্মশালা অনুষ্ঠিত কৰি পৰৱৰ্তী পাটমাদৈ বিহু সন্মিলনৰ ব্যৱস্থাপনাত জুবিন গাৰ্গৰ স্মৃতিত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিচে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু