বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সৈতে বিজেপিৰ জয়ন্তমল্ল বৰুৱা যৌথ সভাত মিলিত
বৰপেটা, ২২ মাৰ্চ (হি.স.)। বৰপেটাত উপস্থিত জয়ন্তমল্ল বৰুৱা | বৰপেটাত অগপ আৰু বিজেপিৰ সৈতে যৌথ সভাত মিলিত হ''ল জয়ন্তমল্ল বৰুৱা | বৰপেটা চহৰৰ মাংগলিক বিবাহ ভৱনত অনুস্থিত যৌথ নিৰ্বাচনী সভাত বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সৈতে অগপ আৰু বিজেপিৰ জ
বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সৈতে বিজেপিৰ জয়ন্তমল্ল বৰুৱা যৌথ সভাত মিলিত


বৰপেটা, ২২ মাৰ্চ (হি.স.)। বৰপেটাত উপস্থিত জয়ন্তমল্ল বৰুৱা | বৰপেটাত অগপ আৰু বিজেপিৰ সৈতে যৌথ সভাত মিলিত হ'ল জয়ন্তমল্ল বৰুৱা |

বৰপেটা চহৰৰ মাংগলিক বিবাহ ভৱনত অনুস্থিত যৌথ নিৰ্বাচনী সভাত বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সৈতে অগপ আৰু বিজেপিৰ জিলা সমিতিৰ বিষয়ববীয়া সকলেও অংশগ্ৰহন কৰে |

বৰপেটা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীত্ব বিচাৰি জিলা সমিতিয়ে দাবী জনাই আহিছিল | অবশেষত সমষ্টিতো অগপক এৰি দিয়াৰ পিচত আজি প্ৰথমবাৰৰ বাবে অগপ আৰু বিজেপিৰ জিলা সমিতিৰ প্ৰথমখন বৈঠক অনুস্থিত কৰি বৰপেটা আসন খন দখলৰ ব্লুপ্ৰিন্ট ৰচনা জয়ন্তমল্ল বৰুৱাৰ |

যৌথ সভাখনত ভাষণ প্ৰদান কৰি আমাৰ পৰস্পৰৰ মাজত থকা মতান্তৰ মনান্তৰ হব নালাগে বুলি উল্লেখ কৰে | আনহাতে ড০ হিমন্ত বিশ্ব শৰ্মা ২০ বছৰ মুখ্যমন্ত্ৰী হৈ থাকিব লাগিব আৰু তাৰ পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী হব লাগিব বুলি মন্তব্য দীপক কুমাৰ দাসৰ |

ইপিনে বৰপেটা সমষ্টিত অগপ বিজেপি মিত্ৰজোটৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰি জয়ন্ত মল্ল বৰুৱাই কয যে- এইবাৰ বৰপেটা আমাৰ দখলত থাকিব। হিমন্ত বিশ্ব শৰ্মাক নেতা মানি লোৱা সকলৰ মাজত ক্ষোভ নাথাকে । আজিৰ তাৰিখত অসম গণ পৰিষদ দলেও হিমন্ত বিশ্ব শৰ্মাক তেওলোকৰ নেতা বুলি মানি লয় । মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মন্তব্য- কংগ্ৰেছৰ অস্তিত্ব এতিয়া কেৱল মাত্ৰ মিঞাৰ মাজতহে থাকিব ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande