
বজালী, ২২ মাৰ্চ (হি.স.)। বজালীত কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপিৰ জয়ন্ত মল্ল বৰুৱাৰ।এনডিএ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাব গৈ তেও কংগ্ৰেছ দলৰ প্ৰতি বিৰূপ মন্তব্য় প্ৰকাশ কৰে। তেও কয়, দলীয় কৰ্মী ক্ষোভিত হ'লেও পাকিস্তানপ্ৰেমী দললৈ নাযায়, দলীয় কৰ্মীৰ ক্ষোভে কেতিয়াও পাকিস্তানৰ প্ৰতি প্ৰেম নেদেখুৱায়,অসম ধ্বংস কৰিব খোজা মানুহৰ সৈতে নাযায় |
তেও কয়, বিটিচিত ১৫ খন আসনৰ ভিতৰত ১৫ খন আসনে পাম | অসমত এনডিএ এইবাৰ ভাবিব নোৱাৰা আসন লাভ কৰিব | ২৩-২৪ টা সমষ্টিত আমি জয়ী হ'ব নোৱাৰো,এইকেইটা সমষ্টি কোনে পায় সেয়া আমাৰ মতলব নাই | হিন্দু-সনাতনী মানুহে কংগ্ৰেছ কৰিব নোৱাৰে, কংগ্ৰেছত থকা হিন্দু-সনাতনী সকলক আমি আনিম |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা