পাছ বছৰত আশী কিল'মিটাৰ পথ পকীকৰণ কৰাত ব্য়ৰ্থ বিধায়ক দিগন্ত কলিতাঃ সত্য়ব্ৰত কলিতা
কামৰূপ, ২২ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন। কমলপুৰ বিধানসভা সমষ্টিত প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ লাগিছে উঠি পৰি। আজি দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ মিত্ৰ দলৰ প্ৰাৰ্থী সত্যব্ৰত কলিতাই সদৰি কৰে যে গ্ৰীণ টিবুনেলত
পাছ বছৰত আশী কিল'মিটাৰ পথ পকীকৰণ কৰাত ব্য়ৰ্থ বিধায়ক দিগন্ত কলিতাঃ সত্য়ব্ৰত কলিতা


কামৰূপ, ২২ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচন। কমলপুৰ বিধানসভা সমষ্টিত প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ লাগিছে উঠি পৰি। আজি দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ মিত্ৰ দলৰ প্ৰাৰ্থী সত্যব্ৰত কলিতাই সদৰি কৰে যে গ্ৰীণ টিবুনেলত গোচৰ চলি থকাৰ সময়তে কমলপুৰত উদ্যোগ স্থাপনৰ অনুমতি দিয়া বিষয়টো তদন্ত কৰিৱ কংগ্ৰেছ শাসনত আহিলে। বাইহাটা চাৰিআলিত কমলপুৰ সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যব্ৰত কলিতাই এক সংবাদ মেল সম্বোধন কৰি হুংকাৰ পাছ বছৰত আশী কিল'মিটাৰ পথ পকীকৰণ কৰিৱ নোৱাৰিলে বিধায়ক দিগন্ত কলিতাই।

মিনিটত পাছ বাৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লোৱা দিগন্ত কলিতাৰ অহেতুক দৰদ বণিয়াৰ প্ৰতিহে। কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাক ড্ৰাগছৰ লগতে অন্যান্য ছিণ্ডিকেটৰ সৈতে জঢ়িত থকা বুলি কটাক্ষ সত্যব্ৰত কলিতাৰ। সত্যব্ৰত কলিতাৰ উক্ত সংবাদ মেলত জেষ্ঠ কংগ্ৰেছ নেতা মনোজ চৌহানকে ধৰি মিত্ৰজোঁটৰ প্ৰতিনিধি উপস্থিত থাকে।

সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী মনোজ চৌহানে কয় যে বিগত পাঁচ বছৰত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ খনে দুৰ্নীতিৰ পাহাৰ গঢ়ি তুলিছে। যোৱা পাঁচ বছৰত হিমন্ত বিশ্ব শৰ্মাই নিজৰ লগতে ঘৈণীয়েকৰ নামতো নামী বেনামী সম্পত্তি ৰ পাহাৰ গঢ়া বুলি সংবাদ মেল যোগে ক্ষুৰধাৰ সমালোচনা কৰে । লগতে গৌৰৱ গগৈৰ নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰ গঠন কৰিব পাৰিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় তিনি মাহৰ ভিতৰত প্ৰদান কৰিব বুলি সংবাদ মেলত প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande