
চিৰাং, ২২ মাৰ্চ (হি.স.)। বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় টিকট বঞ্চিত হৈ দলৰ প্ৰতি বিদ্ৰোহ কৰি ৰাজনৈতিক বিসম্বাদ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত বিজনী সমষ্টিৰ বিসম্বাদৰ অৱসান ঘটাবলৈ বিজনীত হেলিকপ্তাৰ যোগে উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ।
বিজনীত অৱতৰণ কৰাৰ পিছতেই বিজনী সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেক লগত লৈ বিধায়ক অজয় কুমাৰ ৰয়ৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেইবাজনো বিজেপিৰ নেতাক লৈ বিধায়ক অজয় কুমাৰ ৰায়ৰ বাসগৃহত আৰম্ভ কৰিছে ৰুদ্ধদ্বাৰ বৈঠক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ