
গুৱাহাটী, ২২ মাৰ্চ (হি.স.)। অস্মিতা খে’লো ইণ্ডিয়া সাঁতোৰ লীগ (ইষ্ট জোন)ৰ অন্তিম দিনত অসম দলে অসাধাৰণ প্ৰদৰ্শনৰে সামগ্ৰিকভাৱে প্ৰথম স্থান দখল কৰি চেম্পিয়ন খিতাপ নিজৰ কৰি লয়। ২১ আৰু ২২ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অসমৰ মহিলা সাঁতোৰবিদসকলে একেৰাহে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই নিজৰ আধিপত্য প্ৰদৰ্শন কৰে।
সৰুসজাইস্থিত ড° জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত এই লীগত ইষ্ট জোনৰ লগতে আন কেইবাখনো ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। অন্তিম দিনটোত ফ্ৰীষ্টাইল, ব্ৰেষ্টষ্ট্ৰোক, বেকষ্ট্ৰোক আৰু বাটাৰফ্লাই ইভেণ্টত অসমৰ সাঁতোৰবিদসকলে একাধিক পদক লাভ কৰি পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰে।
অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে অসমৰ মহিলা সাঁতোৰ খেলুৱৈসকলে ১৬টা সোণ৬ টা ৰূপৰ আৰু ২০ টা ব্ৰঞ্জৰ পদকৰে পদক তালিকাত প্ৰথম স্থান দখল কৰে। উৰিষ্যাৰ খেলুৱৈ সকলে ১৫ টা সোণ, ১২ ৰূপ আৰু ২ ব্ৰঞ্জৰ পদকৰে দ্বিতীয় স্হান। বেংগল দলে ৮ সোণ, ২১ ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান দখল কৰে।
অসম সাঁতোৰ সংস্থা সম্পাদক ভাস্কৰ ৰঞ্জন দাসে অসম দলৰ প্ৰদৰ্শনত সন্তুষ্টি প্ৰকাশ কৰি খেলুৱৈ সকলক আহমেদাবাদত অনুষ্ঠিত হ'ব লগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে এই লীগৰ জৰিয়তে প্ৰতিটো ইভেণ্টৰ শীৰ্ষ ৪ গৰাকী সাঁতোৰবিদে আগন্তুক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অস্মিতা প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকন, ৰাজ্যিক ক্ৰীড়া বিষয়া বকুল কলিতা, কামৰূপ জিলা সাঁতোৰ সন্থাৰ সম্পাদক নৱজ্যোতি গগৈ, সাংবাদিক পুলিন সাহা, প্ৰশিক্ষক বাবুল গুৰুং, মমী বৰ্মন, ডেভিদ চেতিয়া, মুকুটেশ্বৰ গোস্বামী, দিব্যজ্যোতি শৰ্মা প্ৰমুখ্যে বিশিষ্ট অতিথি-খেলুৱৈ সকলে খেলুৱৈ সকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী