
নতুন দিল্লী, ২০ মাৰ্চ (হি.স.)। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) মুম্বাইৰ গৱেষণা উদ্যানত ২১-২২ মাৰ্চত ভাৰত ইনোভেটছ ডিপ-টেক প্ৰি-ছামিটৰ আয়োজন কৰি ভাৰতক গভীৰ প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ হিচাপে স্থান দিয়াৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। দুদিনীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিশেষ অধিবেশনত ভাষণ দিব।
শুকুৰবাৰে শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰে যে এই প্ৰি-ছামিটে সমগ্ৰ দেশৰ পৰা লাভ কৰা ৩,০০০ৰো অধিক এপ্লিকেচনৰ পৰা নিৰ্বাচিত প্ৰায় ১৩৭টা উদীয়মান ডিপ-টেক ষ্টাৰ্টআপক এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰিব। এই অনুষ্ঠানত ২০০ৰো অধিক ষ্টাৰ্টআপ প্ৰতিষ্ঠাপক, ৭০ জনতকৈ অধিক বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেল প্ৰতিনিধি, আৰু ৫০ জনৰো অধিক উদ্যোগৰ নেতাই অংশগ্ৰহণ কৰিব।
উদ্বোধনী অধিৱেশনত ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদকে ধৰি কেইবাজনো জ্যেষ্ঠ বিজ্ঞানী, শিক্ষাবিদ, নীতি নিৰ্ধাৰক উপস্থিত থাকিব। ইয়াৰ উপৰিও শিক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াৰ লগতে আই আই টিৰ ডিপ টেক উদ্যোগীসকলো উপস্থিত থাকিব।
ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত উদ্ভাৱন পদক্ষেপৰ কথা ঘোষণা কৰে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতীয় উচ্চ শিক্ষা প্ৰতিষ্ঠান, ষ্টাৰ্টআপ, আৰু বিশ্ব বিনিয়োগকাৰীৰ মাজত শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলা।
এই প্ৰি-ছামিটত উন্নত কম্পিউটিং, স্বাস্থ্যসেৱা আৰু মেডটেক, মহাকাশ আৰু প্ৰতিৰক্ষা, শক্তি আৰু বহনক্ষমতা, অৰ্ধপৰিবাহী, জৈৱ প্ৰযুক্তি, স্মাৰ্ট চিটি, কৃষি প্ৰযুক্তি, আৰু উদ্যোগ ৪.০কে ধৰি ১৩টা মূল প্ৰযুক্তি খণ্ডৰ উদ্ভাৱন প্ৰদৰ্শন কৰা হ’ব।
এই অনুষ্ঠানে ভাৰতৰ ডিপ-টেক ষ্টাৰ্টআপসমূহক বিশ্বব্যাপী মঞ্চত প্ৰদৰ্শন, বিনিয়োগ আকৰ্ষণ, আৰু গৱেষণাৰ পৰা বজাৰলৈ পাইপলাইন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ উপৰিও ২০২৬ চনৰ জুন মাহত ফ্ৰান্সৰ নাইচত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱন শ্ব’কেছৰ বাবে ভাৰতীয় ষ্টাৰ্টআপ নিৰ্বাচনৰ ভিত্তি হিচাপে কাম কৰিব।
ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত উদ্ভাৱনক কেন্দ্ৰ কৰি লোৱা এই পদক্ষেপক ‘উন্নত ভাৰত ২০৪৭’ৰ লক্ষ্যৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ