
নতুন দিল্লী, ২০ মাৰ্চ (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ২১ আৰু ২২ মাৰ্চত দুদিনীয়াকৈ মহাৰাষ্ট্ৰ ভ্ৰমণলৈ আহিব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম এই ৰাজ্য ভ্ৰমণ।
উপ-ৰাষ্ট্ৰপতি সচিবালয়ে শুকুৰবাৰে জনোৱা মতে অহা ২১ মাৰ্চত নাগপুৰৰ মহৰ্ষি ব্যাস প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় যুৱ সংসদৰ ২৯ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনৰ উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে তেওঁ মুম্বাইলৈ যাত্ৰা কৰিব, য’ত তেওঁ ৰতন টাটা মহাৰাষ্ট্ৰ ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন আৰু মুম্বাইৰ লোকভৱনত ৬৪ সংখ্যক জৈন দীক্ষা অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ২২ মাৰ্চত মহাৰাষ্ট্ৰৰ পুনেৰ উৰুলি কাঞ্চনত প্ৰাকৃতিক চিকিৎসা আশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ