ধামী মন্ত্ৰীসভা সম্প্ৰসাৰণ, ৫ বিধায়কৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ
ডেৰাডুন, ২০ মাৰ্চ (হি.স.)। উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ নেতৃত্বত কেবিনেট খনৰ শুকুৰবাৰে সম্প্ৰসাৰণ কৰা হয়। ৫ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পুৱা প্ৰায় ১০:৩০ বজাত লোকভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰে
देहरादून जिले के राजपुर विधानसभा के विधायक खजान दास शपथ ग्रहण लेते हुए।


ডেৰাডুন, ২০ মাৰ্চ (হি.স.)। উত্তৰাখণ্ডত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ নেতৃত্বত কেবিনেট খনৰ শুকুৰবাৰে সম্প্ৰসাৰণ কৰা হয়। ৫ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

পুৱা প্ৰায় ১০:৩০ বজাত লোকভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমীত সিঙে (অৱসৰপ্ৰাপ্ত) নৱনিযুক্ত মন্ত্ৰীসকলক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়। শপত গ্ৰহণ কৰাসকলৰ ভিতৰত আছিল ৰাজপুৰ (ডেৰাডুন)ৰ পৰা খজান দাস, ৰুদ্ৰপ্ৰয়াগৰ পৰা ভাৰত সিং চৌধুৰী, হৰিদ্বাৰৰ পৰা মদন কৌশিক, ৰুৰকীৰ পৰা প্ৰদীপ বাটৰা, ভীমতালৰ (নৈনিতাল)ৰ পৰা ৰাম সিং কৈদা।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ফলত জ্যেষ্ঠতা আৰু আঞ্চলিক ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিত্ব নিশ্চিত কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে এই উপলক্ষে নৱনিযুক্ত সকলো মন্ত্ৰীক অভিনন্দন জনাই জনকল্যাণ আৰু উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। অনুষ্ঠানত মন্ত্ৰী, বিধায়ক, মুখ্য সচিব, প্ৰশাসনিক জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande