
তামুলপুৰ, ২০ মাৰ্চ (হি.স.)। তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে। মনোনয়ন পত্ৰ দাখিলত সংগ দিয়ে তেওঁৰ পত্নী পাৰুল ভৰালীৰ লগতে মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক জলেন দৈমাৰী, এম চি এল এ উইলচন হাসদাৰ লগতে কেইবা গৰাকীও শীৰ্ষ নেতাই।
মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয়-আমাৰ কোনো ৰাজনৈতিক দলৰ লগত বিৰোধ নাই। আনকি হাগ্ৰামা মহিলাৰীৰ লগতো ব্যক্তিগত শত্ৰুতা নাই। আজি পুৱা বিজেপিৰ প্ৰাৰ্থী বিশ্বজিত দৈমাৰীক সেৱা জনাই প্ৰমোদ বড়োৱে আশীষ লোৱাৰ কথাও উল্লেখ কৰে। আমাৰ দলৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত। মই মনোয়ন পত্ৰ উঠাই লোৱাৰ কোনো প্ৰশ্ন নাই।
আমি বিটিআৰৰ ১৫ টা আৰু বাহিৰৰ ৫ টা সমষ্টিত প্ৰাৰ্থী দিছোঁ। তাৰে ভিতৰত আমি ১০ ৰ পৰা ১২ খন আসন লাভ কৰিম। আমি কাৰো লগত মিত্ৰতা কৰিম বুলি দল কৰা নাই। এন ডি এৰ এতিয়া নতুন প্ৰেম হৈছে। সেই প্ৰেমক আমি ডিষ্টাৰ্ব দিব বিচৰা নাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা