
নগাঁও, ২০মাৰ্চ (হি.স.)। ৰূপহীহাটৰ পূৱ শোৱালনীত মেটেকাৰ তলত উদ্ধাৰ চুৰি হোৱা গৰু। পূৱ লৰিৰমুখৰ জয়ন্ত অধিকাৰী নামৰ লোক জনৰ তিনিদিন পূৰ্বে গোহালিৰ পৰা চুৰি হৈছিল দুটাকৈ গৰু। পূৱ শোৱালনীৰ কচাই আব্দুল ৰশ্বিদ নামৰ লোকজনৰ ঘৰত চুৰি হোৱা গৰু প্ৰত্যক্ষ কৰি আমবাগান আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাছিল।
দুদিন পিছত ৰাইজে কচাই আব্দুল ৰশ্বিদৰ ঘৰৰ কাষত তথা বিলত চুৰি হোৱা গৰু পুতি থোৱা অৱস্থাত দেখা পাই খবৰ দিয়ে আৰক্ষীক। আৰক্ষী উপস্থিত হৈ পুতি থোৱা গৰু উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ।
আমবাগান আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবেই সঘনাই গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে অঞ্চল সমূহত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা