
নগাঁও, ২০ মাৰ্চ (হি.স.)। ৰূপহীহাটৰ পূৱ শোৱালনীত চুৰি হোৱা গৰু বিলত মেটেকাৰ তলত পুথি থোৱা অৱস্থা উদ্ধাৰ।পূৱ লৰিৰমুখৰ জয়ন্ত অধিকাৰী নামৰ লোকজনৰ তিনিদিন পূৰ্বে গোহালিৰ পৰা চুৰি হৈছিল দুটাকৈ গৰু।
পূৱ শোৱালনীৰ কচাই আব্দুল ৰশিদ নামৰ লোকজনৰ ঘৰত চুৰি হোৱা গৰু প্ৰত্যক্ষ কৰি আমবাগান আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তদন্ত চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল।শুক্ৰবাৰে ৰাইজে কচাই আব্দুল ৰশিদৰ ঘৰৰ কাষত তথা বিলত চুৰি হোৱা গৰু পুথি থোৱা অৱস্থাত দেখা পাই খবৰ দিয়ে আৰক্ষীক।আমবাগান আৰক্ষীয়ে উপস্থিত হৈ পুথি থোৱা গৰু উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ