
ডিব্ৰুগড়, ২০ মাৰ্চ (হি.স.)। পুনৰ বিতৰ্কত মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোম। ৱাৰ্ড বয়ৰ দ্বাৰা এক্স-ৰে কৰোৱাৰ কাণ্ড পোহৰলৈ অহাৰ পিছত এইবাৰ চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ ভয়ংকৰ অভিযোগ। ডাঃ দেৱজিৎ চাহু নামৰ চিকিৎসক গৰাকীৰ গাফিলতিত নাৰ্চিং হোমৰ গাফিলতিত এগৰাকী প্ৰসূতিৰ কৰুণ মৃত্যু হোৱাৰ অভিযোগ উঠিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
চৰাইদেউ জিলাৰ হাজোৱা জংগল ব্লকৰ নিবাসী কবিতা লিম্বু নামৰ প্ৰসূতি গৰাকীয়ে যোৱা ৫ মাৰ্চত প্ৰসৱ যন্ত্ৰণা লৈ তেওঁ মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত ভৰ্তি হৈছিল। বিগত ৯ মাহ ডাঃ দেৱজিৎ চাহুৰ তত্বাৱধানত চিকিৎসাধীন হৈ থকা প্ৰসূতি গৰাকীৰ অস্ত্ৰোপচাৰৰ পিছতেই এটি সন্তানৰ জন্ম হয়। কিন্তু ইয়াৰ পিছতেই মানসিক ভাৰসাম্য হেৰুৱাই নৱজাতককো চিনি নোপোৱা অৱস্থা হয় কবিতাৰ। প্ৰায় ১০ দিন ধৰি মৰাণ ব্ৰহ্মপুত্ৰ হস্পিটেল চিকিৎসাধীন হৈ থকাৰ পিছত উপায়ন্তৰ হৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় প্ৰসূতি গৰাকীক।
ডিব্ৰুগড়ৰ চিকিৎসকে স্পষ্ট কৰে যে মৰাণত ভুল চিকিৎসা কৰোৱা হৈছিল। অৱশেষত বুধবাৰে নিশা ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটি লয় প্ৰসূতি গৰাকীয়ে। ইপিনে, ঘটনাৰ পিছতেই অভিযুক্ত চিকিৎসক ডাঃ দেৱজিৎ চাহুৰ বিৰুদ্ধে পলায়ন কৰাৰ অভিযোগ উঠিছে। মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই বৃহস্পতিবাৰে নাৰ্চিং হোমত উপস্থিত হৈ তীব্ৰ ক্ষোভ উজাৰে ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু আত্মীয়ই। ইতিমধ্যে, মৰাণ আৰক্ষী থানাত চিকিৎসক আৰু নাৰ্চিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে। অভিযুক্ত চিকিৎসক গৰাকীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনোৱাৰ লগতে উচিত বিচাৰ নাপালে নাৰ্চিং হোমত তলা লগোৱাৰ হুংকাৰ দিছে গোৰ্খা ছাত্ৰ সন্থাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ