
বৰপেটা, ২০ মাৰ্চ (হি.স.)। বৰপেটা জিলাৰ মন্দিয়াৰ সমষ্টিৰ গৰৈমাৰীত একাঠু পানীত ডুবিল ৪১ বিঘাকৈ আলু খেতি। বৰ্তমান লাখ লাখ টকাৰ লোকচানত হতাশ কৃষক যুৱক। মন্দিয়া অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ ফলত এজন কৃষক যুৱকৰ বিস্তীৰ্ণ ৪১ বিঘা আলু খেতি একাঠু পানীৰ তলত পৰি ব্যাপক ক্ষতি সাধন হৈছে।
আকস্মিক ভাৱে জমা হোৱা পানীৰ ফলত খেতি খিনি প্ৰায় সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ উপক্রম হৈছে,যাৰ ফলত কৃষকজন গভীৰ সংকটত পৰিছে। জানিব পৰা মতে,প্ৰতিখন বিঘা মাটিত আলু খেতিৰ বাবে প্ৰায় ৪০ হাজাৰ টকাৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ব্যয় হৈছিল। ইতিমধ্যে পানীৰ তলত ডুবি থকা আলু সমূহ পচি যোৱাৰ আশংকা বৃদ্ধি পাইছে।
অঞ্চলটোত হঠাৎ হোৱা বৰষুণৰ ফলতেই এনে দুৰৱস্থা সৃষ্টি হৈছে। বৰ্তমান অৱস্থাত ক্ষতিগ্ৰস্ত কৃষক যুৱকজন মূৰে কপালে হাত দি ভৱিষ্যৎ লৈ চিন্তিত হৈ পৰিছে। এতিয়া দৰিদ্ৰ কৃষক জনে চৰকাৰ আৰু কৃষি বিভাগৰ ওচৰত সহায় আৰু ক্ষতিপূৰণৰ বাবে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ