বিজনী বিধানসভা সমষ্টিত বিপিএফৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজনীত সহস্ৰাধিক বিপিএফ কৰ্মীৰ প্ৰতিবাদ
চিৰাং, ২০ মাৰ্চ (হি.স.)। বিজনী বিধানসভা সমষ্টিত বিপিএফৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজনীত সহস্ৰাধিক বিপিএফ কৰ্মীৰ প্ৰতিবাদ।বিজনী জিলা বিপিএফৰ অন্তৰ্গত বিপিএফৰ দলীয় নেতা-কৰ্মী সকলে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। বিজনীত নাঙলৰ চিনৰ বাহিৰে বেল
বিজনী বিধানসভা সমষ্টিত বিপিএফৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজনীত সহস্ৰাধিক বিপিএফ কৰ্মীৰ প্ৰতিবাদ


চিৰাং, ২০ মাৰ্চ (হি.স.)। বিজনী বিধানসভা সমষ্টিত বিপিএফৰ পৰা প্ৰাৰ্থীত্ব দিয়াৰ দাবীত বিজনীত সহস্ৰাধিক বিপিএফ কৰ্মীৰ প্ৰতিবাদ।বিজনী জিলা বিপিএফৰ অন্তৰ্গত বিপিএফৰ দলীয় নেতা-কৰ্মী সকলে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

বিজনীত নাঙলৰ চিনৰ বাহিৰে বেলেগ চিনত ভোট দিয়া নহ'ব। যদি নাঙলৰ চিন নাথাকে ভোট বৰ্জন কৰা হ'ব। নাইবা বিজনী বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ঠিয় কৰোৱা হ'ব বুলি দাবী প্ৰতিবাদকাৰীৰ। প্ৰতিবাদস্থলীতে বিজনীৰ বিপিএফ নেতা দিম্বেশ্বৰ বড়োক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ঠিয় কৰাই ২৩ তাৰিখে নমিনেচন দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে ৰাইজে।পৰৱৰ্তী বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাক্লাৰী উপস্থিত হয় প্ৰতিবাদস্থলীত।প্ৰতিবাদস্থলীতে জিলা সভাপতিয়ে সংবাদমেল সম্বোধন কৰি দলীয় কৰ্মীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বিজনীত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সভাপতি হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰি আবেদন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে সংবাদমেলৰ জৰিয়তে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande