তামুলপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত তামুলপুৰ সমষ্টিৰ এন ডি এ ৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন পত্ৰ দাখিল
তামুলপুৰ, ২০ মাৰ্চ (হি.স.)। তামুলপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত তামুলপুৰ সমষ্টিৰ এন ডি এ ৰ প্ৰাৰ্থী বিশ্বজিতৎ দৈমাৰীৰ মনোনয়ন পত্ৰ দাখিল।হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে বিশ্বজিৎ দৈমাৰীয়ে।তামুলপুৰৰ মটঙা চ''কৰ পৰা তামুলপুৰ জিলা আয়ুক্তৰ
তামুলপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত তামুলপুৰ সমষ্টিৰ এন ডি এ ৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন পত্ৰ দাখিল


তামুলপুৰ, ২০ মাৰ্চ (হি.স.)। তামুলপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত তামুলপুৰ সমষ্টিৰ এন ডি এ ৰ প্ৰাৰ্থী বিশ্বজিতৎ দৈমাৰীৰ মনোনয়ন পত্ৰ দাখিল।হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে বিশ্বজিৎ দৈমাৰীয়ে।তামুলপুৰৰ মটঙা চ'কৰ পৰা তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ বৃহৎ ৰেলী কৰি উপস্থিত হল বিশ্বজিৎ দৈমাৰী।মনোনয়ন পত্ৰদাখিলৰ সময়ত দৈমাৰীক সংগ দিয়ে বিপিএফৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, বিটিচিৰ উপাধক্ষ্য বিজিত গৌৰা নাৰ্জাৰী,কাৰ্যবাহী সদস্য লক্ষী(ভজন) দাস লগতে বিজেপি আৰু মিত্ৰদল বিপিএফৰ নেতা কৰ্মী। মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ কয় মোৰ লগত হাজাৰ হাজাৰ সমৰ্থকে সংগ দিলে । ইমান সমৰ্থকৰ মৰম পোৱাটো মোৰ সৌভাগ্য। নিৰ্বাচনত সকলোৱে অংশ লব পাৰে, সাংবাদিকেও পাৰে।

আজি পুৱা প্ৰমোদ বড়োৱে ভৰি চুই আশীৰ্বাদ লোৱা সন্দৰ্ভত তেওঁ কয়--- এইয়া ভাৰতীয় আৰু অসমীয়াৰ সংস্কৃতি আৰু মইও প্ৰমোদ বড়োক আশীৰ্বাদ দিছো। কিন্তু ভগৱানে বিচাৰ কৰি কাক কত ৰাখি আগবঢ়াই নিয়ে। প্ৰমোদ বড়োৰ লগত সতীৰ্থ নাই যিয়ে বিধায়ক হব পাৰে তাৰ অভাৱ হৈছে। ইউ পি পি এল ৰাজনৈতিক দলত নেতাৰ অভাৱ হলে প্ৰমোদ বড়ো এম চি এল এ , এম পি, এম এল এ বা কেতিয়াবা পঞ্চায়তৰ সভাপতিও হব পাৰে বুলি কটাক্ষ কৰে।ইপিনে, প্ৰমোদ বড়োই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি চলা চর্চা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীয়ে কয় যে- মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন ২৬ তাৰিখ। গতিকে সিদিনাই দেখা যাব প্ৰত্যাহাৰ কৰে নে নকৰে, ২৬ তাৰিখৰ কথা যদি আজিয়ে কব পৰা হলে হয় তেন্তে মনোনয়ন কিয় দাখিল কৰিব,২৬ তাৰিখৰ সিদ্ধান্ত যদি আজিয়েই লয় তেন্তে নাটক কৰাৰ দৰকাৰেই নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande