ক্ষেত্ৰীত ডিমৰীয়া সমষ্টিৰ এন ডি এ প্ৰাৰ্থী ড০ তপন দাস
কামৰূপ, ২০ মাৰ্চ (হি.স.)। নৱগঠিত ডিমৰীয়া সমষ্টিৰ বাবে এনে ডি এ মিত্ৰজোঁটৰ পৰা অগপ দলৰ ড: তপন দাসে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে আজি বিয়লি ক্ষেত্ৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ডিমৰীয়া মণ্ডল কাৰ্যালয়ত উপস্থিত হৈ সকলো দলীয় কৰ্মীৰ লগতে মত বিনিময় কৰে।
ক্ষেত্ৰীত ডিমৰীয়া সমষ্টিৰ NDA প্ৰাৰ্থী ড০ তপন দাস

ইপিনে বিজেপিৰ কৰ্মকৰ্তা সকলেও এনে ডি এৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ড: তপন দাসক বিপুল আদৰণি জনায়। ড: দাসে ভাষণ দলীয় কৰ্মকৰ্তা সকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰসংগত কয় যে ৰাজ্যত ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এন ডি এৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সকলোৱে হাতে হাত ধৰি কাম কৰিব লাগিব। আৰু নৱগঠিত সমষ্টিটোৰ পৰা অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত তেওঁক বিপুল ভোটত জয়ী কৰাই ড: হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনায়।

ইপিনে এনে ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী ড: তপন দাসে সমষ্টিটোৰ পৰা ২৩ মাৰ্চৰ দিনা মিত্ৰজোঁটৰ কৰ্মী সমৰ্থকক লগত লৈ কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / Narayan Kar

 rajesh pande