দিল্লীৰ উপ-ৰাজ্যপালৰ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ
নতুন দিল্লী, ২০ মাৰ্চ (হি.স.)। দিল্লীৰ উপ-ৰাজ্যপাল তৰণজিৎ সিং সন্ধুৱে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইখনেই আছিল তেওঁৰ প্ৰথমখন বৈঠক। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বৈঠকৰ বিষয়ে ছ’চিয়েল
दिल्ली के उपराज्यपाल तरनजीत सिंह संधू शुक्रवार को प्रधानमंत्री नरेन्द्र मोदी से भेंट के दौरान


নতুন দিল্লী, ২০ মাৰ্চ (হি.স.)। দিল্লীৰ উপ-ৰাজ্যপাল তৰণজিৎ সিং সন্ধুৱে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে সৌজন্যমূলক সাক্ষাৎ কৰে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইখনেই আছিল তেওঁৰ প্ৰথমখন বৈঠক।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বৈঠকৰ বিষয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাগ-বতৰা কৰি লিখিছে যে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ সন্ধুৱে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰে।

ইয়াৰ পূৰ্বে উপ-ৰাজ্যপাল সন্ধুৱে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতেও তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। সন্ধুৱে এক্সত পোষ্ট কৰে যে বৈঠকত দিল্লী সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

উল্লেখযোগ্য যে যোৱা ১১ মাৰ্চত লোক নিৱাসত দিল্লীৰ ২৩ নং লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে তৰণজিৎ সিং সন্ধুৱে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande