

গুৱাহাটী, ২০মাৰ্চ (হি.স.)। ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন। তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়ালে পথৰ দাঁতিত থকা খুঁটাত। জাগীৰোডৰ দিশৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত কয়লাশিলত হোৱা দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী দীপু নামৰ লোকজনৰ আৰু আহত হয় আন এজন।
ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ আহত আৰু নিহত দুয়োকে উদ্ধাৰ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এএছ২১ জি ৫১৫০।
হিন্দুস্থান সমাচাৰ / Narayan Kar