বঢ়মপুৰ সমষ্টিৰ বিজেপিৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়ক জিতু গোস্বামীয়ে
নগাঁও, ২০ মাৰ্চ (হি.স.)। বঢ়মপুৰ সমষ্টিৰ বিজেপিৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়ক জিতু গোস্বামীয়ে। বিশাল ৰেলীৰে নিৰ্বাচনৰ মনোনয়ন প্ৰত্ৰ দিবলৈ গ''ল বঢ়মপুৰ সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে। ঐতিহাসিক মৃত্যুঞ্জয় মন্দিৰত সে
বঢ়মপুৰ সমষ্টিৰ বিজেপিৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়ক জিতু গোস্বামীয়ে


নগাঁও, ২০ মাৰ্চ (হি.স.)। বঢ়মপুৰ সমষ্টিৰ বিজেপিৰ হৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিব বিধায়ক জিতু গোস্বামীয়ে। বিশাল ৰেলীৰে নিৰ্বাচনৰ মনোনয়ন প্ৰত্ৰ দিবলৈ গ'ল বঢ়মপুৰ সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে।

ঐতিহাসিক মৃত্যুঞ্জয় মন্দিৰত সেৱা লৈ হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ কামপুৰৰ পৰা নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আগবঢ়াৰ সময়ত সাংবাদিকৰ আগত বঢ়মপুৰ সমষ্টিৰ ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী গৰাকীয়ে এইবাৰ নিৰ্বাচনত তেওঁ অভিলেখ সংখ্যক ভোটাত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হব বুলি মন্তব্য আগবঢ়াই। দ্বিতীয় বাৰৰ বাবে বঢ়মপুৰ সমষ্টিৰ পৰা অসম বিধান সভাৰ মজিয়ালৈ পঠিয়াবৰ বাবে এইদৰে দলীয় কৰ্মী সমৰ্থকে প্ৰাৰ্থী গৰাকীক মনোনয়ন প্ৰত্ৰ দিবলৈ যোৱাৰ সময়ত উষ্ম আদৰণী জনোৱা পৰিলক্ষিত হয়। আনহাতে এইবাৰ বঢ়মপুৰত বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক গুৰু ৰাজেন গোহাঁই লগত শিষ্য জিতু গোস্বামীৰ যুঁজ হ'ব বুলি মন্তব্য দিয়ে বিধায়ক গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande