
নতুন দিল্লী, ২০ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী চিনেটৰ পেনি ৱঙৰ সৈতে কথা পাতি তেওঁৰ মতামত ব্যক্ত কৰে।
ড° জয়শংকৰে এক্সৰ ওপৰত লিখিছে, মোৰ অষ্ট্ৰেলিয়ান সমকক্ষৰ সৈতে কথা পাতি মই আনন্দিত হৈছিলো। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আমি আমাৰ মূল্যায়ন শ্বেয়াৰ কৰিলোঁ। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনা কৰিলোঁ। ড° জয়শংকৰে আজি আন দেশৰ উচ্চপদস্থ বিষয়াৰ সৈতেও বৈঠকত মিলিত হয়।
ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পিছতে উপসাগৰীয় দেশসমূহৰ সৈতে সংঘাতত লিপ্ত হৈছে ইৰাণ। ফলস্বৰূপে ইৰাণৰ পৰা সময়মতে গেছ যোগান ধৰাত ব্যাঘাত জন্মোৱাৰ বাবে আন দেশৰ পৰিস্থিতি ক্ৰমান্বয়ে গুৰুতৰ হৈ পৰিছে, আৰু শক্তিৰ মূল্য বৃদ্ধি পাইছে।
हिन्दुस्थान समाचार / অৰৱিন্দ