
নতুন দিল্লী, ২০ মাৰ্চ (হি.স.)। ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে গধুৰ উদ্যোগ মন্ত্ৰালয়ে চিণ্টাৰড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেট (আৰ ই পি এম)ৰ বাবে ইন্টিগ্ৰেটেড মেনুফেকচাৰিং ইউনিট স্থাপনৰ বাবে বিশ্বব্যাপী নিবিদা আমন্ত্ৰণ জনাইছে।
গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বছৰি মুঠ ৬ হাজাৰ মেট্ৰিক টন (এমটিপিএ) ক্ষমতাসম্পন্ন চিণ্টাৰড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেট (আৰইপিএম) উৎপাদন ইউনিট স্থাপনৰ বাবে হিতাধিকাৰী নিৰ্বাচনৰ বাবে ‘প্ৰস্তাৱৰ অনুৰোধ’ (আৰএফপি) জাৰি কৰা হৈছে। স্বচ্ছতা নিশ্চিত কৰাৰ বাবে কম খৰচী ব্যৱস্থা (এল চি এছ)ৰ অধীনত অনলাইনযোগে নিবিদা প্ৰক্ৰিয়া চলোৱা হ’ব, য’ত চিপিপি পৰ্টেলৰ জৰিয়তে দুটা পৰ্যায়ৰ প্ৰক্ৰিয়া জড়িত হৈ থাকিব। আজিৰে পৰা অনলাইনযোগে উপলব্ধ হ’ব নিবিদাৰ নথি। নিবিদা দাখিলৰ অন্তিম তাৰিখ ২৮ মে’, আনহাতে ২৯ মে’ত কাৰিকৰী নিবিদা মুকলি কৰা হ’ব।
মন্ত্ৰালয়ৰ মতে, এই নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে আগ্ৰহী আবেদনকাৰীয়ে দেশত ইন্টিগ্ৰেটেড চিণ্টাৰড এনডিএফইবি আৰইপিএম উৎপাদন প্লাণ্ট স্থাপনৰ বাবে নিবিদা দাখিল কৰিব পাৰিব। দুটা পৰ্যায় (কাৰিকৰী নিবিদা আৰু বিত্তীয় নিবিদা)ৰে গঠিত স্বচ্ছ নূন্যতম খৰচী ব্যৱস্থা (এল চি এছ)ৰ অধীনত কেন্দ্ৰীয় ৰাজহুৱা ক্ৰয় পৰ্টেলৰ জৰিয়তে অনলাইনযোগে নিবিদা প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব।
২০২৫ চনৰ ২৬ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৭,২৮০ কোটি ₹ আৰ্থিক ব্যয়ৰে চিণ্টাৰড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেট (আৰ ই এম) নিৰ্মাণৰ প্ৰসাৰৰ বাবে আঁচনিখনত অনুমোদন জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ