অসমৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহ
গুৱাহাটী, ২০ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভাৰ নিৰ্বাচনত গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। এই উপলক্ষ্যত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


গুৱাহাটী, ২০ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভাৰ নিৰ্বাচনত গুৱাহাটী মহানগৰীৰ জালুকবাৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। এই উপলক্ষ্যত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যত সক্ৰিয়ভাৱে প্ৰচাৰ চলাব।

অসমত কমেও চাৰিখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। লগতে ৰাজ্যজুৰি ছয়ৰ পৰা সাতখন ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিব অমিত শ্বাহে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ২৮ মাৰ্চৰ পিছত অসমত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব, যাৰ ফলত নিৰ্বাচনী পৰিৱেশ আৰু অধিক তীব্ৰতৰ হ’ব। আজি প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰি নিৰ্বাচনী কৌশল আৰু প্ৰচাৰৰ ৰূপৰেখা দাঙি ধৰিব বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande