পত্নী-পুত্ৰ, হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটী, ২০ মাৰ্চ (হি.স.)। অসম বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত। পত্নী পুত্ৰক লগত লৈ হাজাৰ হাজাৰ সমৰ্থক শুভাকাংক্
পত্নী-পুত্ৰ, হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


গুৱাহাটী, ২০ মাৰ্চ (হি.স.)। অসম বিধানসভা নিৰ্বাচন উপলক্ষে বিজেপিৰ জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত। পত্নী পুত্ৰক লগত লৈ হাজাৰ হাজাৰ সমৰ্থক শুভাকাংক্ষীক লগত লৈ এক ৰোড শ্বো কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন পত্ৰ দিবলৈ আহে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিলৰ পাছতে অসমবাসীৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ কামনা কৰি তেওঁ কয়- আজি মোৰ বহু কেইগৰাকী সতীৰ্থই অসমৰ বিভিন্ন স্থানত মনোনয়ন দাখিল কৰিব । ২৩ মাৰ্চত বাকীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব

বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিবলৈ অসমবাকী ৰাইজক অনুৰোধ জনাইছোঁ । মুখ্যমন্ত্ৰীয়ে বতৰটো গুমা গুমি কৰাত কয় যে যিকোনো ভাল কামৰ আগমুহূৰ্তত বৰষুণ হ’লে আমি তাক পুষ্পবৃষ্টি বুলি ভাবো। বৰষুণৰ মাজতো জালুকবাৰীৰ ৰাইজে মোৰ সৈতে মনোনয়ন দাখিলৰ বাবে ওলাই আহিছে গতিকে মই ভাবো আগৰ দৰেই ৰাইজৰ আশীৰ্বাদ লাভ কৰিম।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২৩ মাৰ্চত অগপৰ সভাপতি অতুল বৰাৰ মনোনয়ন দাখিলত মই সংগ দিম, দৈনিক ৫-৬খনকৈ সভাত থাকিম প্ৰচাৰৰ বাবে। তেওঁ কয় যে ল’ৰা আজি মনোনয়নৰ বাবে আহিছে কাইলৈ গুচি যাব। ছোৱালীজনীয়েও আহিব ইচ্ছা কৰিছিল কিন্তু পৰীক্ষা আছে বাবে আহিব নোৱাৰিলে। পত্নী ৰিণিকিয়ে জালুকবাৰী সমষ্টিত মোৰ হৈ প্ৰচাৰ চলাব । শিৱসাগৰত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে কিন্তু তাৰ পূৰ্বে আমি অসম গণ পৰিষদৰ সৈতে আলোচনা কৰিব লাগিব বুলিও তেওঁ কয়। তেওঁ বিজেপিয়ে কেইখন আখনত জয়ী হ’ব সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে জয়ী হোৱাৰ কথা আজিয়েই কলে অহংকাৰ কৰা বুজায়। কিন্তু ১০২ টা সমষ্টিতে বিজেপি মিত্ৰজোঁটে গুৰুত্ব সহকাৰে নিৰ্বাচন খেলিম বুলিও তেওঁ কয়। তেওঁ প্ৰাৰ্থীত্ব নোপোৱা প্ৰাক্তন দলীয় বিধায়কসকলৰ সন্দৰ্ভত কয় যে মই ভাবো অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্যই আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিব।

উল্লেখযোগ্য যে সপ্তমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা ড০ শৰ্মাই আজি প্ৰথমে খানাপাৰাৰ পৰা বিশাল সমদল কৰি আহি জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে মনোনয়ন । জালুকবাৰী সমষ্টিৰ হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকে সংগ দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিল পৰ্বত ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande