বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত শুকুৰবাৰে সংঘটিত বিপিএফ ৰ বিদ্ৰোহ
চিৰাং, ২০ মাৰ্চ (হি.স.)। ২০ নং বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত চিৰাঙৰ বিজনীত শুকুৰবাৰে সংঘটিত হয় বিপিএফ ৰ বিদ্ৰোহ। সমষ্টিটোত বিপিএফ দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ একাংশ বিপিএফৰ কৰ্মীয়ে বিজনী জিলা বিপিএফ ৰ কাৰ্যালয়ৰ আসন
বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত শুকুৰবাৰে সংঘটিত বিপিএফ ৰ বিদ্ৰোহ


চিৰাং, ২০ মাৰ্চ (হি.স.)। ২০ নং বিজনী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত চিৰাঙৰ বিজনীত শুকুৰবাৰে সংঘটিত হয় বিপিএফ ৰ বিদ্ৰোহ।

সমষ্টিটোত বিপিএফ দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ একাংশ বিপিএফৰ কৰ্মীয়ে বিজনী জিলা বিপিএফ ৰ কাৰ্যালয়ৰ আসন ভাঙি লণ্ডভণ্ড কৰে। বিজনী সমষ্টিত বিজেপি ক এৰি দিয়াত ক্ষুব্ধ হৈছে বিপিএফ ৰ কৰ্মী ।

ইফালে বিজনী সমষ্টিত বিপিএফ ৰ প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত বিপিএফ ৰ মানাহ-চেৰফাং, সুভাইঝাৰ, থুৰিবাৰী ব্লক কমিটিৰ কৰ্মী সকলে বিজনী জিলা বিপিএফ ৰ কাৰ্যালয়ৰ সন্মুখত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। সভাত বিপিএফৰ কৰ্মী সকলে বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাকলাৰীক জবাবদিহি কৰে।

উক্ত সভাতে বিজনী সমষ্টিত বিপিএফ দলে প্ৰাৰ্থীত্ব প্ৰদান নকৰাত বিপিএফৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি বিপিএফৰ কৰ্মী তথা সমৰ্থক সকলে নিজাববীয়াকৈ বিজনী জিলা যুৱ বিপিএফৰ উপ সভাপতি ডিম্বেশ্বৰ বড়োক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। ডিম্বেশ্বৰ বড়োই বিপিএফৰ কৰ্মী তথা সমৰ্থকৰ ঘোষণাৰ প্ৰতি সমৰ্থন জনাই অহা সোমবাৰে বিজনী সমষ্টিত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande