দলগাঁৱত নিৰ্দলীয় প্ৰাৰ্থীৰ বাইক ৰেলি বন্ধ কৰিলে আৰক্ষীয়ে
দৰং, ২০ মাৰ্চ (হি.স.)। দলগাঁৱত নিৰ্দলীয় প্ৰাৰ্থীৰ বাইক ৰেলি বন্ধ কৰিলে আৰক্ষীয়ে। নিৰ্বাচনী গৰমৰ মাজতে দলগাঁৱত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি। আজি দলগাঁও আৰক্ষীয়ে বাধা প্ৰদান কৰিলে নিৰ্দলীয় প্ৰাৰ্থীৰ এক বিশাল বাইক ৰেলিত। খাৰুপেটীয়াৰ পৰা ব
দলগাঁৱত নিৰ্দলীয় প্ৰাৰ্থীৰ বাইক ৰেলি বন্ধ কৰিলে আৰক্ষীয়ে


দৰং, ২০ মাৰ্চ (হি.স.)। দলগাঁৱত নিৰ্দলীয় প্ৰাৰ্থীৰ বাইক ৰেলি বন্ধ কৰিলে আৰক্ষীয়ে। নিৰ্বাচনী গৰমৰ মাজতে দলগাঁৱত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি। আজি দলগাঁও আৰক্ষীয়ে বাধা প্ৰদান কৰিলে নিৰ্দলীয় প্ৰাৰ্থীৰ এক বিশাল বাইক ৰেলিত।

খাৰুপেটীয়াৰ পৰা বেছিমাৰী অভিমুখে আহি থকা অৱস্থাত দলগাঁৱত প্ৰশাসনে শতাধিক বাইকৰ এই সমদলটো মাজপথতে ৰখাই দিয়ে। কংগ্ৰেছ দলৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছত স্থানীয় কংগ্ৰেছ কৰ্মীসকলে একগোট হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আইনুল হকক প্ৰক্ষেপ কৰিছে। আইনুল হকৰ সমৰ্থনত উলিওৱা এই ৰেলিটো প্ৰশাসনে বন্ধ কৰি দিয়াৰ পিছতে সমৰ্থকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয় সমৰ্থন আগবঢ়োৱা কৰ্মীসকলে এইবাৰ আইনুল হকক জয়ী কৰিবলৈ কঁকালত টঙালি বান্ধিছে যদিও আজিৰ এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande