
তামুলপুৰ, ২০মাৰ্চ (হি.স.)।ৰাজ্য়ত অনুষ্ঠিত হব লগা আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে নিজা নিজা প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি মনোনয়ন দাখিলৰ পূৰ্বে হোম যজ্ঞ, পূজা-অৰ্চনা কৰিলে বিশ্বজিৎ দৈমাৰীয়ে। ৪৩নং তামুলপুৰ বিধানসভা সমষ্টিত এনডিএৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ লগতে প্ৰতিদন্দী ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱেও আজি দাখিল কৰিব মনোনয়ন পত্ৰ।
সহশ্ৰাধীক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যাব ওলাইছে দুয়ো গৰাকী হাইভল্টেজ নেতাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা