
কামৰূপ, ০২ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিছে নিৰ্বাচনী পৰিৱেশ। সমষ্টি পুনৰ নিৰ্ধাৰণে বহু বিধানসভা সমষ্টিৰ সীমা সলনি কৰাৰ লগতে বহুতৰে নতুন নামকৰণো হৈছে । নামনি অসমৰ নৱগঠিত সমষ্টিসমূহৰ ভিতৰত অন্যতম কামৰূপ গ্ৰাম্য জিলাৰ ছমৰীয়া সমষ্টি। কামৰূপ গ্ৰাম্য জিলাৰ সমষ্টিৰ সংখ্যা একে আছে যদিও জিলাখনত ছমৰীয়া সমষ্টিটো নতুনকৈ সৃষ্টি কৰা হৈছে । জিলাখনৰ সমষ্টিৰ কেইটা হৈছে ক্ৰমে ছমৰীয়া, বকো-ছয়গাঁও (অনুসূচিত জনজাতি), পলাশবাৰী, হাজো (অনুসূচিত জাতি), ৰঙিয়া আৰু কমলপুৰ । সম্প্ৰতি নিৰ্বাচনী বতৰত ছমৰীয়া সমষ্টিটো আৰম্ভ হৈছে নিৰ্বাচনী ততপৰতা।
উল্লেখ্য যে কামৰূপ জিলাৰ পূৰ্বৰ বকো আৰু ছয়গাঁও সমষ্টি একাকাৰ কৰি এটা সমষ্টি কৰা হৈছে আৰু নতুনকৈ ছমৰীয়া সমষ্টিৰ সৃষ্টি কৰা হৈছে। নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিত গৰৈমাৰী আৰু সোণতলী উন্নয়ন খণ্ডৰ উপৰি পূৰ্বৰ বকো আৰু ছয়গাঁও সমষ্টিৰ বৃহত এলেকা সামৰি লোৱা হৈছে। নৱগঠিত ছমৰীয়া সমষ্টিটোৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত স্থানীয় প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ দাবী জোৰদাৰ হৈ পৰিছে। নৱগঠিত সমষ্টিটোত কংগ্ৰেছ, এআইইউডিএফ, অসম গণ পৰিষদ দলে ব্যাপক ততপৰতা আৰম্ভ কৰিছে। প্ৰাৰ্থিত্বক লৈ সম্প্ৰতি আকৰ্ষণীয় ৰূপ লৈছে নৱগঠিত ছমৰীয়া বিধানসভা সমষ্টিটোৱে। সমষ্টিটোত অসম গণ পৰিষদে পূৰ্বৰ ছয়গাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰা ডা০ কমলাকান্ত কলিতাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে। গগৈমাৰীত অনুষ্ঠিত অগপৰ সমষ্টি ভিত্তিক সভাত সমষ্টিটোত ডা০ কমলাকান্ত কলিতাক দলীয় প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ মত প্ৰকাশ কৰা হয়।
ইফালে নিৰ্বাচনক কেন্দ্ৰ কৰি ছমৰীয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাজত চলিছে টিকট কেন্দ্ৰিক সংঘাত। ছমৰীয়াত চৰ্চাত আছে দুজন কংগ্ৰেছ নেতাৰ নাম। প্ৰাৰ্থিত্ব প্ৰত্যাশী ছয়গাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু মেহবুব আলী। সমষ্টিবাসীয়ে এইবাৰ বিচৰা নাই ৰেকিবুদ্দিন আমেদক। ইয়াৰ বিপৰীতে সমষ্টিটোত ব্যাপক ততপৰতা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছী নেতা মেহবুব আলীৰ। দিনে নিশাই প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছী নেতা মেহবুব আলীয়ে। উল্লেখ্য যে ৰেকিবুদ্দিন আহমেদক টিকট প্ৰদান নকৰিবলৈ কংগ্ৰেছী নেত্ৰী প্ৰিয়ংকা গান্ধীক আহ্বান জনাইছিল একাংশ কংগ্ৰেছী লোকে। এইক্ষেত্ৰত ৰেকিবুদ্দিন আহমেদৰ ঠাইত ছমৰীয়াত মেহবুব আলীয়ে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ছমৰীয়া সমষ্টিৰ ৰাইজৰ স্থানীয় প্ৰাৰ্থীৰ দাবী আৰু কংগ্ৰেছৰ অভ্যন্তৰীণ সমীকৰণ আৰু আগন্তুক নিৰ্বাচনী পৰিৱেশক লৈ নতুন চর্চাৰ জন্ম দিছে। আনহাতে নৱগঠিত সমষ্টিটোত অগপ-কংগ্ৰেছৰ প্ৰাৰ্থীৰ সমান্তৰালকৈ ডা০ শ্বাহজাহান আলী, দহ বছৰ ধৰি বকো সমষ্টিৰ প্ৰতিনিধিত্ব কৰা নন্দিতা দাস, জ্যোতিপ্ৰসাদ দাস, পূৰ্বৰ বিধায়ক গোপীনাথ দাসৰ লগতে যুৱ নেতা হিচাপে অধিৱক্তা আমান ওৱাদুদে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচনী ততপৰতা চলাই গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া