
কামৰূপ, ০২ মাৰ্চ (হি.স.)। সমাগত অসম বিধানসভা নিৰ্বাচন। ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ । নামনি অসমৰ অন্যতম সমষ্টি আছিল বকো আৰু ছমৰীয়া সমষ্টি। পিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত কামৰূপ জিলাৰ পূৰ্বৰ বকো আৰু ছয়গাঁও সমষ্টি একাকাৰ কৰি এটা সমষ্টি কৰা হৈছে আৰু ইয়াক ২৮ নং বকো-ছয়গাঁও সমষ্টি নাম দিয়া হৈছে। আৰু ইয়াক অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে। ইফালে পূৰ্বৰ ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিক লৈ পুনৰ গঠন কৰি বকো-ছয়গাঁও সমষ্টি কৰাৰ বাবে শাসক তথা বিৰোধী দলৰ ৰাজনৈতিক সমীকৰণ সলনি হৈছে। সম্প্ৰতি শাসক তথা বিৰোধী দুয়ো পক্ষই বকো-ছয়গাঁও সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাই আছে যদিও ছবিখন এতিয়াও স্পষ্ট হৈ পৰা নাই।
উল্লেখ্য যে বিগত সময়চোৱাত কংগ্ৰেছৰ দখলত থকা ছয়গাঁও আৰু বকো বিধানসভা সমষ্টি একাকাৰ কৰি সৃষ্টি কৰা ২৮ নং বকো-ছয়গাঁও সমষ্টিত এইবাৰ সাধাৰণ ভোটাৰ ৰাইজে নতুন বিধায়ক লাভ কৰিব। বকো বিধানসভা সমষ্টিটোত বিধায়িকা নন্দিতা দাসে প্ৰতিনিধিত্ব কৰি আহিছিল যদিও এইবাৰ নৱগঠিত বকো-ছয়গাঁও সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হোৱাত বিধায়িকা নন্দিতা দাস সমষ্টিহীন হৈ পৰিছে। একেদৰে ছয়গাঁও সমষ্টিত একেৰাহে তিনিটা কাৰ্যকালৰ বাবে প্ৰতিনিধিত্ব কৰা ৰেকিবুদ্দিন আহমেদেও বকো-ছয়গাঁও সমষ্টিৰ পৰা আঁতৰি আহিবলগা হৈছে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ছমৰীয়া আৰু পলাশবাৰী সমষ্টিত সোমাইছে বকো-ছয়গাঁৱৰ বহু পঞ্চায়ত। পূৰ্বৰ জনবিন্যাস অনুসৰি বকোত নিৰ্ণায়ক ভূমিকা লৈছিল সোণতলী-টুপামাৰীৰ সংখ্যালঘূ ভোটাৰে। কিন্তু সমষ্টি পুনৰ বিন্যাসৰ ফলত সোণতলী-টুপামাৰী জিলা পৰিষদ ছমৰীয়া সমষ্টিত চামিল কৰা হৈছে। ভোটাৰ তালিকাৰ খচৰা অনুসৰি বকো-ছয়গাঁৱৰ মুঠ ভোটাৰ ২,১৫,০০০গৰাকী। সমষ্টিৰ জনবিন্যাস অনুসৰি বকো-ছয়গাঁৱত এইবাৰ নিৰ্ণায়ক ভূমিকা ল’ব জনজাতি ভোটাৰে।
অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বকো-ছয়গাঁও সমষ্টিটোত শাসক-বিৰোধীয়ে পাব নতুন মুখৰ প্ৰাৰ্থী। এইক্ষেত্ৰত কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম বিশেষভাৱে চৰ্চিত হৈছে। সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত আছে জনচং জে চাংমা, গানচেং বি চাংমা, ৰমেন সিং ৰাভা, ৰঞ্জন ৰাভা আৰু লাৱণ্য বড়ো। ইফালে অগপ-বিজেপি মিত্ৰদলৰ হৈ কোন দলে নৱগঠিত ২৮ নং বকো-ছয়গাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া নিশ্চিত নহলেও বিজেপিৰ হৈ দাবীদাৰৰ তালিকাত আছে গুৱাহাটী মহানগৰীৰ মেয়ৰ মৃগেণ শৰণীয়া, ৰাজু মেচ আৰু নগৰ্মল স্বৰ্গিয়াৰীৰ নাম। একেদৰে আঞ্চলিক দল অগপৰ হৈ দেৱেন বড়ো আৰু নৰেন ৰাভাৰ নাম চৰ্চিত হৈছে।
এইক্ষেত্ৰত সমষ্টিটোত ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে মৃগেণ শৰণীয়াই। বকো তথা ছয়গাঁও মণ্ডলৰ বিভিন্ন এলেকাত সাংগঠনিক সভা অনুষ্ঠিত কৰি মৃগেন শৰণীয়াই ৰাইজৰ মাজত সোমাই পৰিছে। দলীয় সংগঠনক তৃণমূল স্তৰত অধিক শক্তিশালী কৰাৰ লগতে জনতাৰ সৈতে সজীৱ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি মৃগেণ শৰণীয়াই সমষ্টিটোৰ সকলো কৰ্মকৰ্তাৰ সৈতে সু সম্পৰ্ক বজাই ৰাখিছে। তেনে ক্ষেত্ৰত নৱগঠিত ২৮ নং বকো-ছয়গাঁও সমষ্টিত এইবাৰ মৃগেণ শৰণীয়াই শাসকীয় দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ ৰাজনৈতিক যাত্ৰা শুভাৰম্ভ কৰাৰ সম্ভাৱনাও নথকা নহয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া