হোলী আৰু দৌলযাত্ৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ ৪ মাৰ্চত স্থানীয় বন্ধ ঘোষণা
শোণিতপুৰ, ০২ মাৰ্চ (হি.স.)। ৰাজ্যৰ প্ৰান্ত-প্ৰান্ত দৌল যাত্ৰাক লৈ উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাইলৈ ৩ মাৰ্চত পালন কৰা হ’ব মহাপ্ৰভু শ্ৰীশ্ৰী কৃষ্ণৰ দৌলযাত্ৰা। আবিৰৰ ৰঙত বিলীন হৈ পৰিব সকলো। ইফালে হোলী উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনে ৪ মাৰ্চত স
হোলী আৰু দৌলযাত্ৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ ৪ মাৰ্চত স্থানীয় বন্ধ ঘোষণা


শোণিতপুৰ, ০২ মাৰ্চ (হি.স.)। ৰাজ্যৰ প্ৰান্ত-প্ৰান্ত দৌল যাত্ৰাক লৈ উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাইলৈ ৩ মাৰ্চত পালন কৰা হ’ব মহাপ্ৰভু শ্ৰীশ্ৰী কৃষ্ণৰ দৌলযাত্ৰা। আবিৰৰ ৰঙত বিলীন হৈ পৰিব সকলো। ইফালে হোলী উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনে ৪ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিছে।

এইদৰে এদিন নহয়, দৌলযাত্ৰা আৰু হোলী উপলক্ষে দুদিনকৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। ৪ মাৰ্চত হোলী উপলক্ষে শোণিতপুৰ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এক বিবৃতি যোগে এই বন্ধৰ ঘোষণা কথা জনাইছে। জিলা আয়ুক্তগৰাকীয়ে ২ মাৰ্চৰ দিনটোত জাৰি কৰিছে এই বিবৃতি।

সেই অনুসৰি ৪ মাৰ্চৰ দিনটোত শোণিতপুৰ জিলাৰ স্কুল-কলেজকে ধৰি সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থাকিব। কিন্তু পূৰ্বৰ নিৰ্ধাৰিত পৰীক্ষাসমূহত এই বন্ধৰ কোনো প্ৰভাৱ নপৰিব।

উল্লেখ্য যে অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত বন্ধৰ তালিকাত ৩ মাৰ্চত দিনটোত দৌল যাত্ৰাৰ বাবে বন্ধ দিন ঘোষণা কৰা হৈছে। অৰ্থাৎ শোণিতপুৰ জিলাৰ চৰকাৰী কৰ্মচাৰীয়ে ৩ আৰু ৪ মাৰ্চৰ দিনটোত বন্ধ লাভ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande