
বহৰাইচ, ০২ মাৰ্চ (হি.স.)। উত্তৰ প্ৰদেশৰ বহৰাইচ জিলাৰ ৰূপাইডিহা থানা এলেকাত সম্পত্তিৰ বিবাদত এজন পুত্ৰই নিজৰ পিতৃ-মাতৃ, আইতাক আৰু ভগ্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। ঘটনাৰ পিছত অভিযুক্তই ইটাৰে আঘাত কৰি আত্মহত্যাৰ চেষ্টা চলায়। আৰক্ষীয়ে আহত অভিযুক্তক চিকিৎসালয়ত ভৰ্তি কৰায় আৰু ফৰেনছিক দলৰ সৈতে সেই স্থান পৰিদৰ্শন কৰে।
আৰক্ষী অধীক্ষক আৰ.এন. সিঙে উল্লেখ কৰে যে বদলুৰাম (৬০) নামৰ এজন কৃষক ৰূপাইডিহা থানা এলেকাৰ বসন্তপুৰ ৰুডাল (ৰামগাঁও)ত বাস কৰিছিল। পৰিয়ালটোত আছিল তেওঁৰ পত্নী সঞ্জু (৫৬), কন্যা পাৰ্বতী (৪২), পুত্ৰ গুৰুদেৱ আৰু নিৰংকৰ আৰু আইতাক শীতলা (৮০)। ডাঙৰ পুত্ৰ গুৰুদেৱে কয় যে কেইবছৰমান আগতে দেউতাকে মাটি বিক্ৰী কৰিছিল আৰু সৰু ভায়েক নিৰংকৰৰ লগত টকা আৰু সম্পত্তিক লৈ কাজিয়া হৈছিল। সৰু ভায়েক দেওবাৰে নিশা ঘৰলৈ আহিছিল টকা বিচাৰি। দেউতাকে পইচা দিবলৈ অস্বীকাৰ কৰাত ওচৰতে থকা কুঠাৰেৰে আক্ৰমণ কৰে। ইফালে ইয়াত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰি থাকোঁতে মাতৃ সঞ্জু, ভগ্নী পাৰ্বতী, আইতাক শীতলাকো কুঠাৰেৰে আক্ৰমণ কৰে। স্থানীয় লোকে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ নিজেই ইটাৰে মূৰত খুন্দা মাৰিছিল, প্ৰচুৰ তেজ ওলাইছিল।
আৰক্ষী অধীক্ষকে জনোৱা মতে, এই সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে পিতৃ, মাতৃ, ভগ্নী, আইতাকক মৃত ঘোষণা কৰে। আহত অভিযুক্ত নিৰংকৰক প্ৰাথমিক চিকিৎসাৰ অন্তত লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তেজেৰে দাগ পৰা কুঠাৰ আৰু এটা ইটা।
তেওঁ উল্লেখ কৰে যে গুৰুদেৱৰ অভিযোগৰ ভিত্তিত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ আঁৰৰ কাৰণ সম্পত্তি বিভাজন বুলি সন্দেহ কৰা হৈছে। এই কাৰণেই অভিযুক্তই হত্যা কৰিলে নিজৰ পৰিয়ালক। অধিক তদন্ত অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া