
নগাঁও, ০৩মাৰ্চ (হি.স.)। কলিয়াবৰত ডাম্পাৰ চালকৰ দৌৰাত্ম্য। ডাম্পাৰ চালকৰ অতপালিৰ বাবে কলিয়াবৰৰ বালিবাটত সংঘটিত পথ দুৰ্ঘটনা। চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইদাৰ পাৰ হৈ এখন স্ক'ৰপিঅত খুন্দা মাৰে এখন ডাম্পাৰে। পথৰ নীতি নিয়ম নামানি ডিভাইদাৰৰ ওপৰেদিয়েই ডাম্পাৰ পাৰ কৰাৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত মহিলা সহ আহত হয় স্কৰপিঅ' বাহনত থকা তিনি গৰাকী আৰোহী। দুৰ্ঘটনাত পতিত স্কৰপিঅ বাহন খনৰ নম্বৰ হল এএছ ০১ জিজে ১৬০৩ আৰু ডাম্পাৰ খনৰ নম্বৰ হল এএছ ০৫চি ৫৪৪৩। আহত তিনি গৰাকী লোকক ততাতৈয়াকৈ জখলাবন্ধাৰ কলিয়াবৰৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
উল্লেখ্য যে, অঞ্চলটোত প্ৰতিদিনে পথৰ মাজৰ ডিভাইদাৰৰ ওপৰেদিয়েই ডাম্পাৰ সমূহ পাৰ কৰে যদিও ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ আৰক্ষী-প্ৰশাসন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা