মণিপুৰত গ্ৰেপ্তাৰ তিনি উগ্ৰপন্থী, অস্ত্ৰ-শস্ত্ৰ আৰু চুৰি বাহন উদ্ধাৰ
ইম্ফল, ০২ মাৰ্চ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু ৰাজ্যিক আৰক্ষীয়ে বিগত ২৪ ঘন্টাত ইম্ফল পূব, ইম্ফল পশ্চিম, আৰু থৌবাল জিলাত পৃথক পৃথক অভিযানত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ তিনি সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মণিপুৰ
মণিপুৰত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু চুৰি বাহন জব্দ কৰাৰ ফটো।


ইম্ফল, ০২ মাৰ্চ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু ৰাজ্যিক আৰক্ষীয়ে বিগত ২৪ ঘন্টাত ইম্ফল পূব, ইম্ফল পশ্চিম, আৰু থৌবাল জিলাত পৃথক পৃথক অভিযানত নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ তিনি সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ৰ সূত্ৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ পিপলছ ৰিভল্যুচনেৰী পাৰ্টি কংগলেইপাক (প্ৰেপাক)ৰ সক্ৰিয় কেডাৰ খুন্দ্ৰাকপাম অনিলকুমাৰ সিং ওৰফে মংগাংলাকপা (২১)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ ঘৰ সাৱমবুং থংখং। ইম্ফল পূৱ জিলাৰ লামলাই থানা এলেকাৰ ফাকনুং আৱাং লেইকাইৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক। তেওঁৰ হাতৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন।

আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম জিলাৰ ৱাংগোই খাইদেম লেইকাইত থকা বাসগৃহৰ পৰা প্ৰিপাক (পি আৰ অ’)ৰ সক্ৰিয় কেডাৰ খাইদেম নৰেন্দ্ৰ সিং ওৰফে আংগু ওৰফে মেইকিংকপা (২৯)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত এটা ৯ এম এম পিষ্টল, এটা মেগজিন, চাৰিটা ৯ এম এম ৰাউণ্ড, আৰু এটা চিম কাৰ্ড থকা এটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

একেদিনাই এক সুকীয়া অভিযানত নিৰাপত্তা বাহিনীয়ে থৌবাল জিলাৰ থৌবাল থানা এলেকাৰ য়াইৰিপক লামখাই অঞ্চলৰ পৰা নিষিদ্ধ কাংগলেই ইয়াৱল লুপ (কেৱাইকেএল)ৰ কেডাৰ ইবুংগোমাচা লাইশ্ৰম ওৰফে ৰকি ওৰফে ইবোমচা (৪৩)ক গ্ৰেপ্তাৰ কৰে। নাগালেণ্ডৰ পেৰেন জিলাৰ গৈলী গাঁৱৰ বাসিন্দা তেওঁ বৰ্তমান ইম্ফল পশ্চিম জিলাৰ চিংজামেই যুমনাম লেইকাইত বাস কৰিছিল। তেওঁৰ পৰা জব্দ কৰে চিম কাৰ্ড থকা এটা মোবাইল ফোন।

ইফালে মণিপুৰ আৰক্ষীয়ে মায়ং, ইম্ফল অঞ্চলৰ পৰা এখন হোণ্ডা এক্টিভা দুচকীয়া বাহনও উদ্ধাৰ কৰে। যোৱা ১১ ফেব্ৰুৱাৰীত ইম্ফল পশ্চিম জিলাৰ পাটছয় থানা এলেকাৰ পৰা গাড়ীখন চুৰি হোৱাৰ খবৰ পোৱা গৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande